ভয়ংকৰ পথ দুৰ্ঘটনাত শিশু সহ ৩ জনৰ শােকাৱহ মৃত্যু

নিউজ ডেস্ক। এক শোকাৱহ পথ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই পথত বাগৰি পৰে এখন ফৰ্ড ফিগ’ গাড়ী। এই দুৰ্ঘটনাত শিশু সহ তিনিজন লোক থিতাতে নিহত হয়।

এই ঘটনা ২৫ জুলাইৰ নিশা সংঘটিত হয় অৰুণাচল প্ৰদেশৰ নামচাইত।

নামচাই নগৰৰ পৰা ১৫ কিমি দূৰত্বৰ টেঙাপানী সংৰক্ষিত বনাঞ্চলৰ পথত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনাটো।

জানিব পৰা অনুসৰি, ২৬ জুলাইৰ পুৱা আৰক্ষীয়ে ফৰেষ্ট গেটৰ পৰা এটা ফোন কল লাভ কৰে যে ফৰেষ্ট গেটৰ ১০০ মিটাৰ দূৰত এখন বাহন দূৰ্ঘটনাগ্ৰস্ত হৈ পৰি আছে। খবৰ পোৱাৰ পিছতেই আৰক্ষীৰ দল উপস্থিত হয়।

আৰক্ষীয়ে আহি দেখে যে গাড়ীখন লুটি খাই পৰি আছে। তেওঁলোকৰ গাড়ীখনৰ ভিতৰত তিনিটা মৃতদেহ প্ৰত্যক্ষ কৰে। আৰক্ষীৰ লগত ঘটনাস্থলীলৈ দণ্ডাধীশো যায়।

আৰক্ষীয়ে জনোৱা অনুসৰি, “গাড়ীখন লুটি খাই থকাৰ বাবে এখন জেচিবিৰ সহায়ত গাড়ীখন চিধা কৰা হয়। গাড়ীখনৰ অৱস্থা ইমানেই বেয়া হয় যে তাৰ পৰা মৃতদেহ উলিওতা কোনো প্রকাৰেই সম্ভৱ নাছিল। সেয়েহে জিলা প্ৰশাসনৰ সহায়ত এনডিআৰএফক মতা হয়। তেওঁলোকে আহি যন্ত্ৰৰ সহায়ত গাড়ীখনৰ বিভিন্ন অংশ কাটি মৃতদেহ কেইটা উলিয়াই। গাড়ীখনত এটি ৫ বছৰীয়া শিশুও আছিল। চালকজনক তেজপুৰৰ যুগল হাজৰিকা বুলি জানিব পৰা গৈছে। তেওঁ এয়াৰ্টেলৰ ক্ষেত্ৰ বিষয়া আছিল। আনহাতে আনজন আছিল ভৃগু চেৰী। তেওঁ আছিল এয়াৰ্টেলৰ প্ৰযুক্তি বিষয়া। ৫ বছৰীয়া শিশুটি তেওঁৰ আছিল। শিশুটিৰ নাম কংকন চেৰী বুলি জানিব পৰা গৈছে। আটাইৰে মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে।”

উল্লেখ্য যে তেওঁলোকৰ কোনো খবৰ লাভ নকৰি পৰিয়ালৰ লোকে তেওঁলোক সন্ধানহীন হৈ থকা সন্দৰ্ভত ২৫ জুলাইত জনাইছিল আৰক্ষীক।

চুৰ্চূমৈ হৈ পৰা বাহনখন কাটিহে উদ্ধাৰকাৰী দলে মৃতদেহকেইটা বাহিৰলৈ উলিয়াবলৈ সক্ষম হয়।

Leave a Comment