ভাৰতীয় সেনাত যোগদান কৰি দেশ মাতৃৰ সেৱা কৰিব বিচাৰিছিল মাইনাই, সেই সপোন বাস্তৱায়িত নহ’লেও এতিয়া টেম্প’ চলাই এনেদৰে কৰিছে দেশৰ সেৱা….

নিউজ ডেস্কঃ স্বাধীনতাৰ প্ৰকৃত অৰ্থ লুকাই আছে মানৱতাত, দেশৰ সেৱাত। কাৰো অন্যায় চিন্তা নকৰাকৈ দেশৰ নাগৰিকৰ হকে ক্ষুদ্ৰতম সেৱা আগবঢ়োৱাৰ মানসিকতাই প্ৰকৃততে ৰচনা কৰে এখন স্বাধীন ভাৰতৰ প্ৰতিচ্ছবি। শেহতীয়াকৈ দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱসত স্বাধীন ভাৰতৰ এনে এখন প্ৰতিচ্ছবিয়েই সমাজৰ আগত তুলি ধৰিবলৈ সক্ষম হৈছে এগৰাকী অসম সন্তানে।

এগৰাকী সাধাৰণ টেম্প’ চালক হৈও ৭৫ সংখ্যক স্বাধীনতা দিৱস বিশেষভাৱে উদযাপন কৰি দেশ মাতৃৰ সুযোগ্য সন্তান হোৱাৰ গৌৰৱ কঢ়িয়াইছে অসমৰ লখিমপুৰ জিলাৰ বাসিন্দা মজহাৰুল ইছলাম ওৰফে মাইনা।

অৰুণাচল প্ৰদেশৰ ৰাজধানী ইটানগৰত টেম্প’ ৰিক্সা চলাই জীৱন নিৰ্বাহ কৰা মাইনাই স্বাধীনতা দিৱসৰ বিশেষ দিনটোত সম্পূৰ্ণ পুৱাৰে পৰা সন্ধিয়ালৈ সম্পূৰ্ণ বিনামূলীয়াকৈ আগবঢ়াইছে টেম্প’ সেৱা। পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধিৰ মাধমাৰৰ মাজতো ১৫ আগষ্টৰ পুৱা ৮ বজাৰ পৰা বিয়লি ৪ বজালৈ যাত্ৰীক সম্পূৰ্ণ বিনামূলীয়াকৈ সেৱা আগবঢ়ায় এইগৰাকী স্বাধীন ভাৰতৰ নাগৰিকে।

ইফালে মাইনাৰ এই পদক্ষেপত উদ্বুব্ধ হৈ ইতিমধ্যে ইটানগৰৰ আন বহু টেম্প’ চালকেও স্বাধীনতা দিৱসৰ দিনটোত বিনামূলীয়াকৈ অট’ সেৱা আগবঢ়োৱা পৰিলক্ষিত হৈছে।

ভাৰতীয় সেনাত যোগদান কৰি দেশমাতৃৰ হকে সেৱা আগবঢ়োৱাৰ সপোন দেখিছিল মজহাৰুল ইছলাম ওৰফে মাইনাই। কিন্তু সেই সপোন বাস্তৱায়িত নোহোৱাত এতিয়া টেম্প’ চালক হিচাপে এদিনৰ বাবে হ’লেও দেশৰ নাগৰিকৰ সেৱা আগবঢ়াইছে যুৱকজনে।

মাইনাৰ এতিয়াৰে পৰা প্ৰতি বছৰে ১৫ আগষ্টৰ দিনটোত বিনামূলীয়াকৈ টেম্প’ সেৱা আগবঢ়োৱাৰ সংকল্প লৈছে।

ইফালে অসমীয়া যুৱকজনৰ এই পদক্ষেপত উদ্বুদ্ধ হোৱা ইটানগৰৰ আন এগৰাকী টেম্প’ চালক মৰতাে জিৰদােৱে কয়, ‘মজহাৰুলৰ প্ৰচেষ্টাৰ প্ৰতি সঁহাৰি জনাই অন্য টেম্প’ চালকসকলেও বিনামূলীয়া সেৱা প্ৰদান কৰিবলৈ আগবাঢ়ি আহিছে। ইয়াৰ জৰিয়তে ৰাইজৰ লগত টেম্প’ চালকসকলক ভাল সম্পৰ্ক প্ৰতিষ্ঠা হ’ব বুলিও তেওঁলােকে আশা কৰিছে।’

মৰতাে জিৰদােৱে কয়, বহিঃৰাজ্যত উত্তৰ-পূবৰ লােকক একাংশ লােকে দুৰ্ব্যৱহাৰ কৰে। কিন্তু প্ৰকৃততে আমিও ভাৰতে অংশ আৰু দেশবাসীয়ে আমাক ভাতৃৰ দৰে আচৰণ কৰাটো আমি বিচাৰো।’

1 thought on “ভাৰতীয় সেনাত যোগদান কৰি দেশ মাতৃৰ সেৱা কৰিব বিচাৰিছিল মাইনাই, সেই সপোন বাস্তৱায়িত নহ’লেও এতিয়া টেম্প’ চলাই এনেদৰে কৰিছে দেশৰ সেৱা….”

Comments are closed.