ভাৰতীয় সেনাৰ প্ৰাক্তন বিষয়া ৰঞ্জিৎ ৰাজকোঁৱৰৰ দেহাৱসান

নিউজ ডেস্ক। ভাৰতীয় সেনাবাহিনীৰ প্ৰাক্তন সেনা বিষয়া তথা বিশিষ্ট সমাজকৰ্মী ৰঞ্জিৎ ৰাজকোঁৱৰৰ দেহাৱসান।

জানিব পৰা মতে, চৰাইদেউ জিলাৰ অন্তৰ্গত পাটসাঁকো লাকুৱা অঞ্চলৰ বাসিন্দা ৰঞ্জিৎ ৰাজকোঁৱৰ বিগত কিছুদিন ধৰি ৰােগাক্ৰান্ত আছিল।

প্ৰয়াত ৰাজকোঁৱৰ ডিব্ৰুগড়ৰ এখন ব্যক্তিগত চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে।

১৯৯৬ চনত ভাৰতীয় সেনা বাহিনীৰ চুবেদাৰ পদৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ পাছত পাটসাঁকােত নিগাজিকৈ থাকিবলৈ লয়।

পাটসাঁকাে লগতে সমগ্ৰ অঞ্চলটোত অন্যান্য বিভিন্ন সামাজিক কাম-কাজত তেওঁ জৰিত আছিল।

পাটসাঁকােস্থিত পাটকাই শংকৰদেৱ শিশু নিকেটনৰ পৰিচালনা সমিতিৰ সম্পাদকৰ গুৰু দায়িত্ব পালন কৰাৰ উপৰিও মৃত্যুৰ আগমূহুৰ্তলৈকে বকোথাখালৈত বুকুৰা সাংস্কৃতিক কেন্দ্ৰ আৰু জনকল্যাণ সমিতিৰ পাটছাকুৰ শাখা সমিতিৰ সভাপতিৰ পদতো অধিনস্থ আছিল।

উক্ত সমিতিৰ ন্যাসৰ পুঁজিৰ দাঁতাৰ সদস্য হিচাপে প্ৰতিবছৰে অভাৱ-কষ্টৰে মেধাৱী ছাত্ৰ-ছাত্ৰীকলক সহায়ৰ হাত আগবঢ়াইয়ো আহিছিল।

ৰাজকোঁৱৰৰ মৃত্যুৰ সময়ত পত্নীৰ উপৰিও তিনিগৰাকী বিবাহিতা কন্যাৰ লগতে নাতি-নাতিনীক ইহসংসাৰত এৰি থৈ গৈছে।

Leave a Comment