২৮ এপ্ৰিলৰ পুৱাই বৰভূঁইকপে জোকাৰি গ’ল সমগ্ৰ ৰাজ্য।
ভূমিকম্পক লৈ বহু কাল্পনীক কাহিনী সৰ্বজন বিদিত।
কিন্তু আধুনিক বিজ্ঞানৰ দৃষ্টিকোণে এনে কল্পকাহিনী বা আখ্যানক দূৰতে বিদূৰ কৰি প্ৰায়ভাগ শিক্ষিতৰে মনত ভূমিকম্পৰ বৈজ্ঞানিক ব্যাখ্যা উপলব্ধ কৰিছে।
কিন্তু বৰভূঁইকঁপৰ পিছত ৰাজ্যত দেখা গ’ল তেনেই এক দৃশ্য।
তেজপুৰৰ ঘগৰা অঞ্চলত আজি ভূমিকম্পৰ ফলত মাটি ফুটি ওলোৱা পানী সংগ্ৰহ কৰে বহুতে।
কাৰণ এই পানী পাতালৰ পৰা অহা পানী আৰু ই পৱিত্ৰ, সেয়ে ইয়াক মন্দিৰত ছটিয়ালে ভূমিকম্প সন্তুষ্ট হয় বুলি বিশ্বাস।
এনে বিশ্বাসৰ বাবেই হাতত কলহ-কেটেলী লৈ বহুতে সংগ্ৰহ কৰে মাটিৰ তলৰ পানী।
কিন্তু ভূমিকম্পৰ এটা অন্যতম বৈজ্ঞানিক ব্যাখ্যা হ’ল পৃথিৱীৰ অভ্যন্তৰত হোৱা বিৱৰ্তনিক আন্দোলনৰ কাৰণে ভূগৰ্ভত হোৱা ঘৰ্ষণ, যাৰ ফলত ভূপৃষ্ঠত জোকাৰণি