ভেক্চিন পাৰ্শ্বক্ৰিয়া হ’লে দিয়া হ’ব ক্ষতিপূৰণ!

নিউজ ডেস্ক। ভাৰতৰক মহা ঔষধ নিয়ন্ত্ৰকে ইতিমধ্যে ছিৰাম ইনষ্টিটিউটৰ ভেকচিন কভিশ্বিল্ড আৰু ভাৰত বায়’টেকৰ ভেকচিন কভেক্সিনৰ টিকাকৰণত অনুমোদন জনাইছে

অৱশ্যে এই সিদ্ধান্তক লৈ সৃষ্টি হৈছে বিতৰ্কৰ।

বিশেষকৈ কভেক্সিনৰ টিকাকৰণৰ অনুমতিক লৈ কেইবাজনো ৰাজনৈতিক নেতাই প্ৰশ্নৰ আৱতাৰণা কৰিছে। কিয়নো এই ভেকচিনৰ তৃতীয় পৰ্যায়ৰ পৰীক্ষা এতিয়াও চলি আছে।

এই সম্পৰ্কত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে দিল্লীৰ সৰ্বভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠানৰ সঞ্চালক ডাঃ ৰণদীপ গুলেৰিয়াই।

তেওঁ কয় যে- কোনো ব্যক্তিক কভেক্সিনৰ ড’জ দিয়াৰ পাছত কোনো ধৰণৰ পাৰ্শ্বক্ৰিয়া হ’লে তাৰ ক্ষতিপূৰণ দিয়া হ’ব।

তেওঁ কয় যে কভেক্সিনক সম্প্ৰতি বেক আপ হিচাপে ব্যৱহাৰ কৰা হ’ব।

Leave a Comment