ভয়ংকৰ ঘটনা! অটােৰিক্সাৰ ওপৰত পৰিল গছ, থিতাতে মৃত্যু চালকৰ

নিউজ ডেস্ক। ৰাজ্যজুৰি অব্যাহত থকা মুষলধাৰ বৰষুণৰ বাবে ব্যাহত হৈ পৰিছে জনজীৱন।

ঠায়ে-ঠায়ে হােৱা বান, গৰাখহনীয়া আৰু ভূমিস্খলনৰ ঘটনাত প্ৰাণ হেৰুৱাইছে কেবাজনাে লােকে।

ইয়াৰ মাজতে কৰিমগঞ্জ চহৰত বুধবাৰে দুপৰীয়া সংঘটিত হ’ল এক শােকাৱহ ঘটনা।

এখন চলন্ত অটােৰিক্সাৰ ওপৰত এডাল প্ৰকাণ্ড গছ পৰাৰ ফলতে থিতাতে মৃত্যু হয় অটাে চালকজনৰ।

কৰিমগঞ্জ চহৰৰ মাজমজিয়াত থকা অগ্নি নিৰ্বাপক বাহিনীৰ কাৰ্যালয়ৰ সন্মুখতে এই ঘটনা সংঘটিত হয় বুলি জানিব পৰা গৈছে।

প্ৰকাণ্ড গছডালে হেচি ধৰাৰ ফলতে বিধ্বস্ত হৈ পৰে অটােৰিক্সাখন।

দুৰ্ঘটনাত পতিত অটােৰিক্সাৰ নম্বৰ AS-10AC-5197 বুলি জানিব পৰা গৈছে। মৃত অটোচালকজনৰ নাম আজহাৰ উদ্দিন।

জানিব পৰামতে, অট’খন যাত্রীসহ নিলাম বজাৰৰ পৰা কৰিমগঞ্জ চহৰলৈ আহিছিল।

উক্ত স্থান পোৱাৰ সময়তে হঠাতে প্রকাণ্ড গছডাল উভালি অট’ খনৰ ওপৰত বাগৰি পৰে। ফলত অট’ৰিক্সাখন বিধ্বস্ত হৈ পৰে।

স্থানীয় লোকে ততাতৈয়াকৈ অট খনত থকা তিনিওজনকে উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও চিকিৎসকে অট’ চালকজনক মৃত বুলি ঘোষণা কৰে।

এই ঘটনাই অঞ্চলজুৰি গভীৰ শােকৰ ছাঁ পেলাইছে।