ভয়ংকৰ সংঘৰ্ষ! সেনা-আৰক্ষীৰ গুলীত নিহত আলফাৰ দুৰ্ধৰ্ষ কেডাৰ জ্ঞান অসম

নিউজ ডেস্কঃ বিগত কিছুদিন ধৰি নিষিদ্ধ উগ্ৰপন্থী সংগঠন সংযুক্ত মুক্তি বাহিনী, অসম চমুকৈ আলফা (স্বাধীন)লৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা সদস্যভৰ্তিৰ বাবে বহু সংখ্যক যুৱক-যুৱতীয়ে যাত্ৰা কৰাৰ সময়তে শুকুৰবাৰে তিনিচুকীয়া জিলাৰ কাকোপথাৰত সংঘটিত সেনা আৰু আলফা স্বাধীনৰ মাজৰ সংঘৰ্ষত আলফাৰ এজন দুৰ্ধৰ্ষ কেডাৰ নিহত হােৱাৰ বাতৰি পােৱা গৈছে।

জানিব পৰা মতে, কাকোপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত দ পথাৰ মাজগাঁও গাঁৱৰ এটা ঘৰত ৬জনীয়া আলফা স্বাধীনৰ কেডাৰৰ এটা দল আত্মগোপন কৰি থকাৰ গোপন খবৰ লাভ কৰাৰ পিছতে সেনা আৰু আৰক্ষীয়ে যুটীয়াভাৱে অভিযান চলায়।

এই অভিযানকালত আলফা স্বাধীনৰ দলটোৱে সেনা-আৰক্ষীলৈ লক্ষ্য কৰি গুলীবৰ্ষণ কৰাত প্ৰত্যুত্তৰত অভিযানকাৰী দলটোৱেও গুলীচালনা কৰে।

আনহাতে এই সংঘৰ্ষকালত আলফাই সেনা-আৰক্ষীলৈ লক্ষ্য কৰি দুটা গ্ৰেণেডো বিস্ফোৰণ কৰে।

এই সংঘৰ্ষ কালত নিহত আলফা সদস্য জনক জ্ঞান অসম বুলি চিনাক্ত কৰা হৈছে।

ইফালে আৰক্ষী সূত্ৰই সদৰী কৰা মতে, ঘটনাস্থলীৰ পৰা পলায়ন কৰা আলফা স্বাধীনৰ সদস্য কেইজনৰ পৰিচয় ক্ৰমে- ৰিংকু অসম, মৃগাংক অসম, উদয় অসম আৰু ৰূপম অসম বুলি জানিব পৰা গৈছে।

আলফাৰ এই দলটোৰ নেতৃত্ব দিছিল ৰূপম অসমে।

ধাৰণা কৰা অনুসৰি, একাধিক আলফা (স্বা)ৰ কেডাৰ এই এনকাউন্টাৰত গুলীবিদ্ধ হৈছে।

এই সন্দৰ্ভত জিলাখনৰ আৰক্ষী অধীক্ষকে সংবাদ মাধ্যমত আগত প্ৰকাশ কৰা অনুসৰি, চুবুৰীয়া ৰাষ্ট্ৰ ম্যানমাৰৰ পৰা অৰুণাচল প্ৰদেশ হৈ কূটাঘাতৰ লক্ষ্যৰেই এই দলটাে অসমত প্ৰৱেশ কৰিছিল।

অৱশ্যে, চােৰাংচােৱাৰ খবৰৰ ভিত্তিত তেওঁলােকৰ এই পৰিকল্পনা ব্যৰ্থ কৰিবলৈ সক্ষম হয় সেনা-আৰক্ষী।

ভাৰতীয় সেনাৰ আসাম ৰেজিমেন্টৰ কাকপথাৰ, ডিৰাক কেম্পৰ সেনাৰ সৈতে অসম আৰক্ষীয়ে পলায়ন কৰা আলফা (স্বা)ৰ কেডাৰৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে।

লগতে চাওকঃ

একেলগে সন্ধানহীন ২ বান্ধৱী! দুই পৰিয়ালত হাহাকাৰ…