ভয়াৱহ বায়ু প্ৰদূষণৰ বাবে ৪ দিনৰ বাবে সকলো শিক্ষানুষ্ঠান বন্ধৰ ঘােষণা ভাৰতৰ প্ৰতিবেশী ৰাষ্ট্ৰ নেপালৰ

নিউজ ডেস্ক। নেপাল চৰকাৰৰ তাৎক্ষণিক সিদ্ধান্ত। দেশখনত বায়ু প্ৰদূষণে লোৱা ভয়াৱহ পৰিস্থিতিৰ বাবে আগন্তুক চাৰিদিনৰ বাবে বন্ধ থাকিব দেশৰ সকলো শিক্ষানুষ্ঠান।

এই কথা সোমবাৰে ঘোষণা কৰে নেপাল চৰকাৰে যাতে ছাত্ৰ-ছাত্ৰীসকল বায়ু প্ৰদূষণৰ বাবে কোনো ৰোগত আক্ৰান্ত হব নোৱাৰে।

শিক্ষা, বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়ে শিক্ষাৰ্থীৰ স্বাস্থ্যৰ প্ৰতি গুৰুত্ব আৰোপ কৰি এই সিদ্ধান্ত লোৱা বুলি জানিবলৈ দিয়ে।

মন্ত্ৰালয়ৰ তৰফৰ প্ৰকাশ পোৱা এক বিজ্ঞপ্তি অনুসৰি, শিক্ষামন্ত্ৰী কৃষ্ণ গোপাল শ্ৰেষ্ঠৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা এখন সভাত ছাত্ৰ-ছাত্ৰীৰ জীৱনৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত লোৱা হয় বুলি জনায়।

উল্লেখ্য যে নেপালত বৰ্তমান বায়ু প্ৰদূষণে ভয়াৱহ ৰূপ ধাৰণ কৰিছে। সমগ্ৰ নেপালৰ পৰিৱেশ ধোঁৱাময় হৈ পৰিছে। যাৰ ফলত দেশখনত বিমান চলাচল ব্যাহত হৈ পৰিছে। সেয়েহে বুধবাৰ পৰ্যন্ত নেপালত ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় সকলো ধৰণৰ বিমান সেৱা বাতিল কৰা হৈছে।

নেপালৰ স্বাস্থ্য মন্ত্ৰালয়ে দেশৰ সকলো জনসাধাৰণক সাৱধানতা অৱলম্বন কৰিবলৈ আহ্বান জনাইছে। ইয়াৰোপৰি সকলোকে ঘৰৰ বাহিৰলৈ ওলাই নাহিবলৈয়ো আহ্বান জনাইছে মন্ত্ৰালয়ে।

পৰিৱেশবিদসকলে বনজুই আৰু যান-বাহন এই প্ৰদূষণৰ মূল কাৰণ বুলি উল্লেখ কৰিছে।

উল্লেখ্য যে, নেপালৰ বায়ু প্ৰদূষণ সকলোৰে চিন্তাৰ বিষয় হৈছে। প্ৰাকৃতিকভাৱে মনোৰম ঠাইখনত বনজুইয়ে তীব্ৰ ৰূপ ধাৰণ কৰিছে। বহুতো বনাঞ্চল ধ্বংস প্ৰায় হৈছে। এই দুৰ্যোগৰ মাজতে যোৱা শুকুৰবাৰে নেপালৰ ৰাজধানী কাঠমাণ্ডু বিশ্বৰ আটাইতকৈ বায়ু প্ৰদূষণযুক্ত চহৰৰ তালিকাৰ শীৰ্ষত স্থান পাইছে।

Leave a Comment