মধুচন্দ্ৰিকা যাপন কৰিবলৈ আহি কৰুণ মৃত্যুক সাৱটিলে বিশাল আৰু নেহাই!

নিউজ ডেস্ক। মাত্ৰ ২৫ দিন পূৰ্বে সম্পন্ন হৈছিল বিশাল আৰু নেহাৰ বিবাহ। যুগ্ম জীৱনৰ পাতনি বেলাত দুয়োয়ে কিছু সময় ইজনে সিজনৰ লগত পাৰ কৰিব বিচাৰিছিল।

সেয়েহে যোৱা ২১ ফেব্ৰুৱাৰীত নৱদম্পত্তীহালে ওলাই আহিছিল ভ্ৰমণলৈ। কিন্তু নিয়তিৰ পৰিহাসত বিবাহৰ এমাহ সম্পূৰ্ণ নৌহওতেই এক ভয়ংকৰ পথ দুৰ্ঘটনাত অকাল মৃত্যুক সাৱটি ল’বলগীয়া হ’ল নৱদম্পত্তিহালে।

হৃদয় বিচলিত কৰা এই শোকাবহ ঘটনা সংঘটিত হৈছে ৰাজস্থানৰ চুৰু জিলাত।

জিলাখনৰ চৰ্দাৰ চহৰৰ বিকানেৰ ৰোডৰ ভাজুচাৰ কুণ্ডিয়া গাঁৱৰ সমীপত বৃহস্পতিবাৰে নিশা সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱায় ২৪ বৰ্ষীয় বিশাল কুমাৰ আৰু ২১ বৰ্ষীয় নেহাই।

জানিব পৰা মতে, হাৰিয়ানৰ নিৱাসী এই নৱ দম্পত্তিহালে ২১ ফেব্ৰুৱীৰত ৰাজস্থানলৈ তেওঁলোকৰ মধুচন্দ্ৰিকা উদযাপন কৰিবলৈ আহিছিল।

বৃহস্পতিবাৰে তেওঁলোকে বিকানেৰৰ পৰা নিজৰ গাঁওলৈ উভতি যোৱাৰ সময়তে ভাজুচাৰৰ সমীপত বিপৰীত দিশৰ পৰা এখন দ্ৰুতবেগী ট্ৰাকে নিয়ন্ত্ৰণ হেৰুৱাই তেওলোকৰ বাহনত খুন্দা মাৰে।

দুৰ্ঘটনাৰ পিছতে স্থানীয় লোক আৰু আৰক্ষীয়ে নৱ দম্পত্তিহালক উদ্ধাৰ কৰি সংকটজনক অৱস্থাত প্ৰথমে চৰ্দাৰ চহৰ চিকিৎসালয়লৈ লৈ যায়।

তাত প্ৰাথমিক চিকিৎসা প্ৰদানৰ পিছত দুয়োকে উন্নত চিকিৎসাৰ বাবে বিকানেৰলৈ প্ৰেৰণ কৰা হয়। কিন্তু তাৰ পিছতো মৃত্যুক পৰাভূত কৰিবলৈ সক্ষম নহ’ল নৱ দম্পত্তিহালে।

হনীমুন যাপন কৰিবলৈ আহি এনেদৰে এহাল নৱ দম্পত্তিয়ে দুৰ্ঘটনাত প্ৰাণ হেৰুৱাবলগীয়া হোৱা ঘটনাই তীব্ৰ শোকৰ ছাঁ পেলাইছে।

ইফালে চৰ্দাৰচহৰ আৰক্ষীয়ে ঘটনা সন্দৰ্ভত এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে।

Leave a Comment