মন্ত্ৰী-বিধায়কৰ গাড়ী হ’লেও ২ মিনিটতকৈ অধিক সময় ৰখাই থব নোৱাৰিব সাধাৰণ যাত্ৰীক

নিউজ ডেস্ক। ভিআইপি-ভিভিআইপিৰ কনভয়ক লৈ প্ৰায়ে ৰাজপথত ব্যতিব্যস্ত হৈ আহিছে সাধাৰণ যাত্ৰী। কনভয় পাৰ কৰাৰ নামত আৰু নিৰাপত্তাৰ দোহাই দি সাধাৰণ নাগৰিকক ঘণ্টাৰ পিছত ঘণ্টাধৰি ৰখাই থোৱাৰ পৰম্পৰা চলিয়েই আহিছে।

কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই অঘোষিত পৰম্পৰা ভঙ্গ কৰাৰ বাবে এতিয়া দেখুৱাইছে তৎপৰতা। শেহতীয়াকৈ নগাঁৱৰ ৰাজপথত মুখ্যমন্ত্ৰীৰ কনভয় পাৰ কৰাৰ নামত আন আন যাত্ৰীক ৰখাই থোৱা কাৰ্য্য দেখি খঙত অগ্নিশর্মা হৈ পৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।

Assam-Health-Minister-Keshab-Mahanta-addressing-a-Press-Conference-in-Guwahati-on-27-01-22-Pix-by-UB

জিলা উপায়ুক্তকে কাষলৈ মাতি আনি ধমক দিছিল তেওঁ।

আনহাতে ভিআইপি-ভিভিআইপিৰ কনভয়ৰ নামত সাধাৰণ যাত্ৰীক ব্যতিব্যস্ত কৰা কাৰ্য্য বন্ধ কৰিবলৈ অসম কেবিনেটত গ্ৰহণ কৰা হৈছে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত।

এক সংবাদমেলত ৰাজ্য চৰকাৰৰ মন্ত্ৰী কেশৱ মহন্তই কেবিনেটৰ সিদ্ধান্তৰ বিষয়ে সদৰী কৰি কয় যে এতিয়াৰে পৰা মন্ত্ৰী-বিধায়কৰ গাড়ী হ’লেও সাধাৰণ যাত্ৰীক ২ মিনিটতকৈ অধিক সময় ৰখাই থব নোৱাৰিব। আনহাতে এম্বুলেন্স হ’লে লগে লগেই যাব দিব লাগিব।

ইফালে মুখ্যমন্ত্ৰীৰ কনভয় সন্দৰ্ভত কেবিনেটে লোৱা সিদ্ধান্তৰ বিষয়ে প্ৰকাশ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে, গুৱাহাটী মহানগৰীৰ ভিতৰত মুখ্যমন্ত্ৰী ঘূৰিলে তেওঁৰ কনভয়ত ৬ খন বাহনহে থাকিব। মহানগৰীৰ বাহিৰত অৱশ্যে মুখ্যমন্ত্ৰীৰ সৈতে থাকিব ১২ খন বাহন।

সাধাৰণ জনতা হাৰাশাস্তিৰ সন্মুখীন যাতে নহয়, তাৰ বাবে কেবিনেটে এনে সিদ্ধান্ত গ্ৰহণ কৰিলেও বাস্তৱত এয়া কিমান ফলপ্ৰসূ হব, সেয়া সময়তহে দেখা পোৱা যাব।

লক্ষণীয়ভাৱে নগাঁৱত সাধাৰণ ৰাইজক ৰখাই থোৱাৰ বাবে খঙত অগ্নিশর্মা হৈ মুখ্যমন্ত্ৰীয়ে আই এ এছ বিষয়াক গালি দিছিল। কিন্তু তাৰ পিছতে গুৱাহাটী বিমান বন্দৰত মুখ্যমন্ত্ৰীৰ কনভয় পাৰ কৰাৰ সময়ত সাধাৰণ যাত্ৰীক ৰখাই থোৱাৰ এটা ভিডিঅ’ই মুখ্যমন্ত্ৰীৰ দুমুখীয়া স্থিতিৰ স্বৰুপ উদঙাইছিল।

লগতে চাওকঃ

মাৰোৱাৰীৰ চান্দা লৈ, বিহাৰীক ধমক দি জাতি আগবাঢ়িব নোৱাৰেঃ মুখ্যমন্ত্ৰী

G5

Leave a Comment