মাতৃস্নেহ! দীপৰ বিলত সন্তানক হেৰুৱাই দিনে-নিশাই ৰাউচি জুৰি থাকিল মাতৃ হাতীয়ে, সাৱটিলে মৃত্যুক

নিউজ ডেস্কঃ মাতৃস্নেহ সকলোৰে বাবে সমান। লাগিলে সেয়া মানুহেই হওক বা বনৰ জীৱ-জন্তু।

সন্তানক হেৰুওৱাৰ বেদনাত ৰাউচি জুৰি মৃত্যুক সাৱটিলে এটা বন্যহস্তীয়ে।

এই ঘটনাই এতিয়া ব্যথিত কৰিছে প্ৰকৃতিপ্ৰেমীৰ লগতে হৃদয়বান প্ৰতিজন ব্যক্তিক।

ঘটনাটো সংঘটিত হৈছে দীপৰ বিলত।

উল্লেখ্য যে, দুদিন পূৰ্বে দীপৰ বিলৰ চকৰদৌ মিকিৰপাৰা অঞ্চলত দীপৰ বিলৰ বোকা-পানীত আৱদ্ধ হৈ মৃত্যু ঘটিছিল এটা পোৱালি হাতীৰ।

কাষৰীয়া ৰাণী বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা এটা হাতীৰ জাকৰ সৈতে অহা পোৱালি হাতীটোৱে বোকা-পানীত আৱদ্ধ হৈ পাৰলৈ উঠি আহিব নোৱাৰি তাতেই মৃত্যুক সাৱটি লয়।

ইয়াৰ পিছতে সেইদিনাই সন্ধিয়া সেই স্থানৰ সমীপত অৱস্থান কৰি পোৱালিটোৰ মাতৃ হাতীটোৱে সন্তানক বিচাৰি হাহাকাৰ কৰা প্ৰত্যক্ষ কৰে স্থানীয় লোকে।

আনহাতে সোমবাৰে গোটেই দিনটো আৰু মঙলবাৰে দিনৰ ভাগতো পোৱালি হাতীটোৰ সন্ধানত দীপৰ বিলৰ পাৰলৈ আহি পানীলৈ চাই চাই বিষাদৰ ৰাউচি জোৰে মাইকী হাতীটোৱে।

কিন্তু সেই হাতীটোৰ মৰ্ম বেদনাৰ এনে কৰুণ দৃশ্যৰ পিছতো বন বিভাগে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰাত মঙলবাৰে মৃত্যুক আকোৱালি লয় সন্তানহাৰা মাইকী হাতীটোৱে।

পৰৱৰ্তী সময়ত ঘটনাস্থলীত বন বিভাগৰ লোক উপস্থিত হৈ হাতীটো উদ্ধাৰ কৰি হাতীটোৰ দেহত অত্যাধিক গাখীৰ জমা হৈ বিষৰ ফলত মৃত্যু হোৱা বুলি সন্দেহ প্ৰকাশ কৰে।

সন্তানক হেৰুৱাই এনেদৰে ৰাউচি জুৰি জুৰি মৃত্যুক সাৱটি লোৱা মাইকী হাতীটোৰ মৃত্যুৱে মৰ্মাহত কৰিছে প্ৰকৃতি প্ৰেমীৰ লগতে স্থানীয় বাসিন্দাসকলক।

আনহাতে বন বিভাগৰ অকৰ্মণ্যতাৰ বাবেই মাইকী হাতীটোৰ মৃত্যু ঘটা বুলিও অভিযোগ উত্থাপন হৈছে।