মিঞাৰ বাবেই জীয়াই আছে অসমীয়া ভাষা! মিঞা মিউজিয়ামক লৈ কি ক’লে AIUDFৰ বিধায়ক কৰিমউদ্দিন বৰভূঞাই…

নিউজ ডেস্কঃ কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰাক লৈ এইবাৰ প্ৰতিক্ৰিয়া এআইইউডিএফৰ বিধায়ক কৰিমউদ্দিন বৰভূঞাৰ।

কংগ্ৰেছৰ এই ভাৰত জোড়ো যাত্ৰা বিজেপিৰ বিৰুদ্ধে নহয়, বৰঞ্চ এআইইউডিএফৰ বিৰুদ্ধেহে বুলি মন্তব্য বৰভূঞাৰ।

তেওঁ কয় যে কংগ্ৰেছে বিজেপিৰ সৈতে নুযুঁজে। কংগ্ৰেছে উজনিলৈ নাযায়।

বিজেপিৰ লগত যুঁজিলে উজনিৰ পৰা আৰম্ভ কৰিব লাগিছিল। কিন্তু কংগ্ৰেছৰ লক্ষ্য এআইইউডিএফহে।

ইয়াৰ কাৰণ ব্যক্ত কৰি কৰিমউদ্দিন বৰভূঞাই কয় যে আজমলে যিমান কাম কৰিছে সেয়া দেখি শংকিত হৈছে কংগ্ৰেছ।

আনহাতে সমাগত দেউৰী স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচনত কংগ্ৰেছে এখন আসনো লাভ কৰিব নোৱাৰে বুলি মন্তব্য কৰে এআইইউডিএফৰ বিধায়কগৰাকীয়ে।

ইফালে ৰাজ্যজুৰি চলি থকা মিঞা মিউজিয়াম বিতৰ্ক সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি তেওঁ কয় যে লণ্ডনত মিঞা মিউজিয়াম খুলিলে সকলোতে প্ৰচাৰ হ’ব, কোনোবাই বন্ধ কৰিব পাৰিব নেকি?

ভূঞাৰ দাবী মিঞা মানুহে ভোট দি আছে, কৰ দি আছে। অসমীয়া ভাষা মিঞা মানুহখিনিয়েই জীয়াই ৰাখিছে। পাঞ্জাৱ, হাৰিয়ানা বা অসমৰ সকলোতে নাঙল ব্যৱহাৰ কৰে, সেইটো অসমীয়াৰ কেনেকৈ হ’ব?

মিঞা মিউজিয়াম ইছ্যু ডাইভাৰ্ট কৰা কৌশল। অসমীয়া জাতি ইমানেই দুৰ্বল নেকি যে মিউজিয়াম এটা খুলিলেই অসমীয়াৰ প্ৰতি ভাবুকি হ’ব?

ভূঞাই মুখ্যমন্ত্ৰীয়ে সকলোতকৈ তৰল মন্তব্য কৰা বুলি প্ৰকাশ কৰাৰ লগতে প্ৰশ্ন- জেহাদীৰ লগত লিংক পোৱা বুলি জি পি সিঙে ক’লেই সেয়া সঁচা নহয়।