মূৰ্গী, ছাগলী মাংসৰ তুলনাত অধিক গো মাংস খাবলৈ পৰামৰ্শ মেঘালয়ৰ বিজেপি নেতা তথা মন্ত্ৰীৰ

নিউজ ডেস্ক। সাধাৰণতে বিজেপি শাসিত ৰাজ্যসমূহত চৰকাৰে গো মাংস ভক্ষণৰ বিৰোধিতা কৰি আহিছে।

বহু ৰাজ্যত এই মাংসৰ ভক্ষণ হ্ৰাস কৰাৰ লক্ষ্যৰে প্ৰযোজ্য কৰা হৈছে আইন। কিন্তু এইবাৰ সকলোকে আন মাংসতকৈ বেছিকৈ গো মাংস খাবলৈ আহ্বান জনালে এজন বিজেপি মন্ত্ৰীয়ে।

তেওঁ হ’ল মেঘালয়ৰ বিজেপি নেতা তথা ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী চানবৰ শুল্লাই।

তেওঁ ৰাজ্যৰ জনসাধাৰণক আন মাংসতকৈ অধিক গো মাংস খাৱলৈ উৎসাহ যোগাইছে।

তেওঁ কয়, “মই সকলো জনসাধাৰণক মূৰ্গী মাংস, ছাগলী মাংস বা মাছতকৈ অধিক গো মাংস খাবলৈ উৎসাহ যোগাইছো।”

শুকুৰবাৰে সাংবাদিকৰ আগত তেওঁ কয় যে, “মই সকলোকে গো মাংস খাবলৈ আহ্বান জনাও। এটা মিছা তথ্য সকলোকে দিয়া হৈছে যে বিজেপিয়ে গৰু সৰবৰাহ তথা গো মাংস সৰবৰাহ বন্ধ কৰিব। যিহেতু তেওঁলোকে এখন গণতান্ত্ৰিক ৰাষ্ট্ৰত বাস কৰে, গতিকে সকলোৱেই মুক্ত মনে ইয়াক খাব পাৰে।”

দক্ষিণ শ্বিলং সমষ্টিৰ তিনিবাৰৰ বিধায়ক তথা পশু পালন আৰু পশু চিকিৎসা বিভাগৰ মন্ত্ৰী শুল্লাইয়ে কয় যে অসম চৰকাৰে প্ৰণয়ন কৰা গো সুৰক্ষা আইনে মেঘালয়লৈ গো মাংস সৰবৰাহত কোনো প্ৰভাৱ নেপেলাই।

তেওঁ এই সন্দৰ্ভত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে আলোচনা কৰিব বুলিও জানিবলৈ দিয়ে।

Leave a Comment