মেকুৰী চিকাৰ কৰিবলৈ গৈ নিজে বিপদত পৰিল বাঘ! ভিডিঅ’ ভাইৰেল

নিউজ ডেস্ক। নিশা মেকুৰী খাবলৈ খেদি আহিছিল বন ৰজা। কিন্তু চিকাৰৰ লক্ষ্যত থাকোতে মেকুৰীৰ লগতে বাঘো পৰিল কুঁৱাৰ ভিতৰত।

কুঁৱাৰ ভিতৰতে মুখামুখি হল দুয়ো। কিন্তু বিপদৰ সময়ত চিকাৰ নকৰিলে বাঘে। মেকুৰীয়ে ভয় খাইছিল যদিও পিছত বাঘৰ বুকুৰ মাজতহে বিচাৰি পাইছিল নিৰাপত্তা।

এই ঘটনা যোৱা শনিবাৰে নিশা সংঘটিত হয় মহাৰাষ্ট্ৰৰ নাছিক জিলাৰ কানকৰি গাঁৱত। এনে এটা দৃশ্য বৰ্তমান ভাইৰেল হৈছে সামাজিক মাধ্যমত।

জানিব পৰা মতে, গাঁওখনৰ গণেশ নামৰ লোকজনৰ পামত পুৱতি নিশা চিকাৰলৈ আহিছিল এটা নাহৰফুটুকী বাঘ।

এটা মেকুৰী দেখি চিকাৰলৈ আহিছিল বাঘটো। কিন্তু মেকুৰীটো খেদি আহোতে মেকুৰী আৰু বাঘ দুয়ো সোমাই পৰিল পামখনৰ কুঁৱাত।

ইয়াৰ পিছতেই কুঁৱাটোৰ ভিতৰত বাঘৰ গুজৰণি শুনে গৰাকীয়ে। লগে লগে গৰাকীয়ে খবৰ দিয়ে আৰক্ষী আৰু বন বিভাগক।

এক দৃশ্যত দেখা অনুসৰি, বাঘ আৰু মেকুৰী দুয়ো মুখামুখি হয়। কিন্তু সেই সময়ত বাঘে নিজৰ জীৱনৰ বিপদাশংকা দেখি মন নকৰে চিকাৰৰ।

অৱশ্যে বাঘৰ মুখামুখি হৈ ভয় খাইছিল মেকুৰীয়ে। কিন্তু পিছত বাঘৰ বুকুৰ মাজত সোমাই নিৰাপত্তা বিচাৰিছিল মেকুৰীয়ে।

উল্লেখ্য যে খবৰ লাভ কৰিয়েই আৰক্ষী আৰু বন বিভাগৰ লোক উপস্থিত হয় ঘটনাস্থলীত। আৰু প্ৰায় ১৫ ফুট দ’ কুঁৱাটোৰ পৰা উদ্ধাৰ কৰে বাঘ আৰু মেকুৰী দুয়োকে।

সোমবাৰে বিভাগে জনোৱা অনুসৰি দুয়োকে মুকলি কৰি দিয়া হয় নিজা নিজা প্ৰকৃতিগত পৰিস্থিতিত।

লগতে চাওকঃ

Leave a Comment