মোক ঢুকি পাবলৈ ৭টা জনম লাগিব সীমান্ত শেখৰকঃ জুবিন গাৰ্গ

নিউজ ডেস্ক। এফালে শিল্পী, সাহিত্যক, বুদ্ধিজীৱী। আনফালে নেতা, পালিনেতা, মন্ত্ৰী, মুখ্যমন্ত্ৰী।

অসমীয়াৰ বাপতিসাহোন ব’হাগ বিহুটি কিমান দিন পাতিব লাগে, তাক লৈ ৰাজ্যত আৰম্ভ হৈছে চৰ্চা।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ব’হাগ বিহু সাত দিনৰ ভিতৰত অনুষ্ঠিত কৰিবলৈ জনোৱা আহ্বানৰ বিৰোধিতা কৰি বাৰপুজিয়াৰ সাংস্কৃতিক মঞ্চৰ পৰা মুখ্যমন্ত্ৰীক “হু দ্য হেল ইউ আৰ” বুলি প্ৰশ্ন কৰিছিল শিল্পী জুবিন গাৰ্গে।

“বিহু এমাহ পাতে, দুমাহ পাতে সেয়া ৰাইজৰ কথা” বুলি কৰা জুবিন গাৰ্গৰ মন্তব্যৰ প্ৰতি সমৰ্থন জনাইছিল বহুতেই। অৱশ্যেই শাসকীয় দলৰ নেতা-পালিনেতাই হজম কৰিব পৰা নাছিল জুবিনৰ বিৰোধিতা।

অসম চলচ্চিত্ৰ উন্নয়ন নিগমৰ অধ্যক্ষ সীমান্ত শেখৰেও জুবিন গাৰ্গৰ মন্তব্যৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া ব্যক্ত কৰা পৰিলক্ষিত হৈছিল।

তাৰ পিছতে জুবিন গাৰ্গৰ মন্তব্য- “মোক ঢুকি পাবলৈ সাতটা জনম লাগিব সীমান্ত শেখৰক। সি সৰু লৰা। মোৰ বিষয়ে মাত নমতাই ভাল।”

পাঠশালাত সাংবাদিকৰ সৈতে বাৰ্তালাপ কৰি কণ্ঠশিল্পী জুবিন গাৰ্গে পুনৰ এবাৰ মন্তব্য কৰে বিহুক লৈ। এসময়ত আলফাইও ৭ দিনত বিহু পাতিব কৈছিল বুলি মন্তব্য কৰি জুবিনে কয় যে বিহু ৭ দিনত পতাটো সম্ভৱ নহয়।

শিল্পীগৰাকীয়ে কয়, “মই শিল্পী সকলৰ কথা কৈছোঁ। কোৰোনাৰ সময়ত সকলোৰে বেয়া চলিছিল। এতিয়া সময় ভাল হৈছে যেতিয়া শিল্পী সকলে অনুষ্ঠান কৰিবই। কোৰোনাৰ সময়ত নিৰ্বাচনী প্ৰচাৰ চলাওতে আমিতো একো কোৱা নাছিলোঁ। ৭ দিনৰ ভিতৰত বিহু শেষ কৰিব লাগিলে শিল্পীয়ে হেলিকপ্টাৰ লৈ ঘূৰিব লাগিব। কিন্তু হেলিকপ্টাৰ লৈ মন্ত্ৰী-বিধায়কহে ঘূৰে, শিল্পীয়ে নহয়।”

আনহাতে সীমান্ত শেখৰে তেওঁক লৈ কৰা মন্তব্য সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি জুবিনে কয়, “সি সৰু ল’ৰা। তাক যি কাম দিয়া হৈছে সেয়া কৰক। মোৰ বিষয়ে মাত মাতিব নালাগে। মোক ঢুকি পাবলৈ ৭টা জনম লাগিব তাৰ।”

Leave a Comment