মৰ্মান্তিক! আই-২੦ বাহনৰ সৈতে ট্ৰাকৰ মুখামুখি সংঘৰ্ষত প্ৰাণ গ’ল দুই শিক্ষকৰ, আহত ৩

নিউজ ডেস্ক। ৰাজ্যত নিতৌ সংঘটিত পথ দুৰ্ঘটনাত অকালতে প্ৰাণ হেৰুৱাইছে বহুজনে।

এইবাৰ গহপুৰত সংঘটিত এক ভয়াৱহ পথ দুৰ্ঘটনাত প্ৰাণ গ’ল দুজন শিক্ষকৰ, আহত হ’ল ৩ জন লােক।

জানিব পৰা মতে, বুধবাৰে সন্ধিয়া প্ৰায় ৭-৩০ বজাত গহপুৰত সংঘটিত হয় এই পথ দুৰ্ঘটনা।

জানিব পৰা মতে, গহপুৰ আৰক্ষী থানাৰ অন্তৰ্গত সোলেঙীৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত ট্ৰাক আৰু হুণ্ডাই আই-২੦ বাহনৰ মুখামুখি সংঘৰ্ষত দুগৰাকী শিক্ষক থিতাতে নিহত হয়।

ট্ৰাকখন লখিমপুৰৰ পৰা গুৱাহাটী অভিমুখী আৰু আই-২੦ বাহনখনৰ গহপুৰৰ পৰা হাৱাজান অভিমুখী আছিল।

এই সংঘৰ্ষৰ ফলত আই-২০ বাহনখনৰ চালকৰ আসনত থকা কামদেৱালৰ দেৱজিৎ কাকতি আৰু সন্মুখৰ কাষৰ আসনত থকা হাৱাজানৰ দেৱজিৎ শৰ্মা (পাপু) থিতাতে নিহত হয়।

আনহাতে, আই ২০ খনৰ পিছৰ আসনত থকা আন তিনি জন লোক গুৰুতৰভাৱে আহত হয়।

এই সংঘৰ্ষ ইমানেই ভয়াৱহ আছিল যে আই-২੦ বাহনখনৰ সন্মুখন অংশ সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ পৰে।

গহপুৰ নগৰৰ ছয়দুৱাৰ প্ৰাথমিক শিক্ষা খণ্ডৰ কাৰ্যালয়ৰ পৰা বিদ্যলয়ৰ কাম কৰি ঘৰলৈ উভতাৰ পথত দুৰ্ঘটনাটো সংঘটিত হয়।

প্ৰত্যক্ষদৰ্শীয়ে প্ৰকাশ কৰা অনুসৰি, ট্ৰাকখনৰ এটা হেডলাইট বেয়া হৈ থকা বাবে এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয়।

এনে আকস্মিক দুৰ্ঘটনাত শিক্ষক দুগৰাকীৰ অকাল মৃত্যুৰ ঘটনাই বৃহত্তৰ গহপুৰ অঞ্চলত গভীৰ শোকৰ ছাঁ পেলাইছে।