মৰ্মান্তিক! একমাত্ৰ পুত্ৰৰ বিয়াৰ দিনাই পিতৃৰ আকস্মিক বিয়োগ

নিউজ ডেস্ক। এক শােকাৱহ ঘটনাই জােকাৰি গ’ল নগাঁও জিলাৰ বটদ্ৰৱা।

একমাত্ৰ পুত্ৰৰ বিয়াৰ দিনাই আকস্মিকভাৱে মৃত্যু ঘটিল পিতৃৰ।

জানিব পৰা মতে, বটদ্ৰৱাৰ সৰুহিছা গাঁৱৰ নৱজ্যোতি খাটনিয়াৰ নামৰ যুৱকজনৰ বিয়াৰ আয়োজন চলি থকাৰ সময়তে পিতৃ উমা খাটনিয়াৰ উচ্চ ৰক্তচাপজনিত ৰোগত আক্ৰান্ত হৈ বিয়াঘৰতে ঢলি পৰে।

লগে লগে পৰিয়ালৰ লোকে চিকিৎসাৰ বাবে নগাঁৱলৈ নিয়ে যদিও আজি তেওঁৰ মৃত্যু হয়।

একমাত্র পুত্ৰৰ বিয়াৰ দিনাই এনেদৰে পিতৃৰ আকস্মিক বিয়োগ ঘটাত সমগ্র অঞ্চলটোতে শোকৰ ছাঁ পৰে।

মৃত উমা খাটনিয়াৰ এজন অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়া আছিল।

অৱসৰগ্ৰহণ কৰাৰ পাচত খাটনিয়াৰে বটদ্ৰৱাৰ বিভিন্ন সাংস্কৃতিক, সামাজিক আৰু খেলৰ অনুষ্ঠানৰ লগত ওতপ্রোতভাৱে জড়িত থকাৰ লগতে বটদ্ৰৱা থান পৰিচালনা সমিতিৰ কাৰ্যকৰী সদস্য হিচাপে সেৱা আগবঢ়াইছিল।

মৃত্যুৰ সময়ত তেওঁ বৃদ্ধ মাতৃ, পত্নী, দুগৰাকী জীয়ৰী, জোঁৱাই, নাতি নাতিনীসহ বহু আত্মীয়-স্বজনক এৰি থৈ যায়।

Leave a Comment