মৰ্মান্তিক! ক’ভিড-১৯ত পিতৃ-মাতৃক হেৰুৱালে জনপ্ৰিয় ইউটিউবাৰ ভূৱন বামে

নিউজ ডেস্ক। কমেডিয়ান তথা জনপ্ৰিয় ইউটিউবাৰ ভূৱন বামৰ শনিবাৰৰ এটা ইনষ্টাগ্ৰামৰ প’ষ্টে আৱেগিক কৰি তুলিছে তেওঁৰ লাখ লাখ অনুৰাগীক।

এমাহৰ ভিতৰতে কভিডত নিজ পিতৃ-মাতৃক হেৰুৱাই শোকত ভাগি পৰে জনপ্ৰিয় ইউটিউবাৰজন। তেওঁ সেই প’ষ্টটোত পিতৃ-মাতৃৰ লগতে নিজৰ এক আনন্দৰ মূহুৰ্তৰ ফটো শ্বেয়াৰ কৰে।

সদায় নিজৰ লাখ লাখ অনুৰাগীৰ ওঁঠত হাঁহি বিৰিঙাই আনন্দ বিলোৱা ইউটিউবাৰজনে ইনষ্টাগ্ৰামত লিখে- “কভিডত মই মোৰ দুয়োডাল জীৱনৰেখা হেৰুৱালো। আই আৰু পিতাইৰ অবিহনে আগৰ দৰে একোৱেই নাথাকিব। এমাহৰ ভিতৰতে সকলো শেষ হৈ গল। ঘৰ, সপোন, সকলোৱেই। মোৰ আই মোৰ লগত নাই, পিতাই মোৰ লগত নাই। এতিয়া আৰম্ভণিৰ পৰা জীয়াই থাকিবলৈ শিকিব লাগিব। কিন্তু তেনে কৰিবলৈ ইচ্ছা যোৱা নাই।”

তেওঁ লগতে কয়- “মই এজন সু-সন্তান আছিলোনে? তেওঁলোকক ৰক্ষা কৰিবলৈ মই যথেষ্ট যত্ন কৰিছিলোনে? এই প্ৰশ্ন কেইটা লৈয়েই মই ওৰেটো জীৱন জীয়াই থাকিব লাগিব। তেওঁলোকক চাবলৈ আৰু ৰৈ থাকিব নোৱাৰো। সোনকালেই আহক সেই দিন।”

উল্লেখ্য যে ভূৱন বাম তেওঁৰ জনপ্ৰিয় ‘বি বি কি ভাইনছ’ ভিডিঅ’ৰ বাবে অতিকে জনাজাত। য’ত কেইবাটাও চৰিত্ৰ যোগে চুটি কমেডি দৃশ্য প্ৰকাশ কৰা হয়। ইয়াৰোপৰি তেওঁ এজন কণ্ঠশিল্পী হোৱাৰ লগতে কেইবাখনো চুটি ছবিত অভিনয় কৰিছে।

Leave a Comment