মৰ্মান্তিক! কৰ্তব্যস্থলীৰ পৰা ঘৰলৈ ওভতাৰ পথত ৰে’লৰ পৰা পিছলি অধ্যাপিকাৰ মৃত্যু

নিউজ ডেস্ক। এক শােকাৱহ ঘটনা।

কৰ্তব্যস্থলীৰ পৰা ৰে’লত উঠি ঘৰলৈ ওভতাৰ সময়তে দুৰ্ভাগ্যক্ৰমে ৰে’লৰ পৰা নমাৰ সময়ত পিছলি কৰুণ মৃত্যু ঘটিল এগৰাকী অধ্যাপিকাৰ।

দুৰ্ভগীয়া অধ্যাপিকাগৰাকীৰ নাম ডঃ সঞ্জিতা সিন্হা। বয়স ৫੦ বছৰ।

এই ঘটনাৰ স্থান গুৱাহাটীৰ নাৰেংগী ৰেল ষ্টেচন।

জানিব পৰা মতে, বৃহস্পতিবাৰে বিয়লিৰ ভাগতনগাঁও-গুৱাহাটী অভিমুখী নামনিমুৱা কলংপাৰ পেছেঞ্জাৰ ৰে’লগাড়ীৰ পৰা নামিবলৈ লোৱাৰ সময়তে সংঘটিত হয় এই দুৰ্ঘটনা।

প্ৰয়াত অধ্যাপিকাগৰাকী মহানগৰীৰ চচলৰ বাসিন্দা তথা নগাঁও ছোৱালী মহাবিদ্যালয়ৰ সংস্কৃত বিভাগত কৰ্মৰত আছিল।

জানিব পৰা মতে, কৰ্তব্যস্থলীৰ পৰা কলংপাৰ পেছেঞ্জাৰযোগে নগাঁৱৰ পৰা গুৱাহাটীলৈ অহাৰ সময়তে বিয়লি প্রায় ৪ বজাত এই শোকাৱহ ঘটনাটো সংঘটিত হয়।

উল্লেখ্য যে পুৱা আৰু বিয়লিৰ ভাগত অহা কলংপাৰ পেছেঞ্জাৰ ৰে’লগাড়ীখন নাৰেংগী ষ্টেচনত সাধাৰণতে গতি হ্ৰাস কৰে বাবেই বহু যাত্ৰীয়ে উক্ত ষ্টেচনটোত উঠা-নমা কৰে।

অনুৰূপ ধৰণে চচলস্থিত ঘৰলৈ যোৱাৰ বাবে অধ্যাপিকাগৰাকীয়ে নাৰেংগী ষ্টেচনত নামিবলৈ চেষ্টা কৰাৰ সময়তে দুর্ঘটনাবশতঃ ভৰি পিছল খাই ৰে’লৰ তলত সোমাই পৰে।

এই লৈ ৰে’ল ষ্টেচনত এক হুলস্থুলীয়া পৰিবেশৰ সৃষ্টি হয়।

প্ৰত্যক্ষদৰ্শীয়ে ৰে’লখনৰ তলৰ পৰা অধ্যাপিকাগৰাকীক উদ্ধাৰ কৰে যদিও ইতিমধ্যে তেওঁৰ মৃত্যু ঘটে।

মৃত্যুৰ সময়ত স্বামী ৰঞ্জিত সিন্হা, কন্যা আৰু পুত্ৰ সন্তানক এৰি থৈ যায়।

অধ্যাপিকাগৰাকীৰ এনে আকস্মিক মৃত্যুৰ ঘটনাই মহাবিদ্যালয়খনৰ লগতে আত্মীয়-স্বজনৰ মাজত গভীৰ শােকৰ ছাঁ পেলাইছে।