মৰ্মান্তিক! ঘৰৰ সমীপৰ পুখুৰীত উদ্ধাৰ নিৰুদ্দিষ্ট শিশু দৈচাং বসুমতাৰীৰ মৃতদেহ

নিউজ ডেস্ক। ঘৰৰ পৰা ৰহস্যজনকভাৱে সন্ধানহীন হােৱা দৈচাং বসুমতাৰীৰ মৃতদেহ উদ্ধাৰ।

উল্লেখ্য যে ঢেকীয়াজুলি থানাৰ এলেকাধীন ঘগৰা কছাৰী গাঁৱৰ পৰা নিৰুদ্দিষ্ট হৈছিল ৪ বছৰীয়া শিশুটি।

শুকুৰবাৰে দুপৰীয়া ১ বজাৰ পৰা নিখোজ হৈ থকা কণমানি দৈচাং বসুমতাৰীৰ মৃতদেহ ঘৰৰ সমীপৰ এটি পুখুৰীৰ পৰা উদ্ধাৰ কৰা হয়।

মৃত কণমানিটি স্থানীয় বাসিন্দা খুনেশ্বৰ বসুমতাৰীৰ পুত্ৰ।

পৰিয়ালৰ লোকে বিচাৰ-খোচাৰ কৰিছিল যদিও কোনো ধৰণৰ সম্ভেদ লাভ নকৰি ঢেকীয়াজুলি আৰক্ষীক ঘটনা সন্দৰ্ভত এখন এজাহাৰ দাখিল কৰিছিল।

অৱশেষত, শনিবাৰে ৰাতিপুৱা প্ৰায় ৮ মান বজাত ঢেকীয়াজুলি আৰক্ষীয়ে এছডিআৰএফ বাহিনীৰ সহযোগত ঘৰৰ ওচৰৰে এটি পুখুৰীৰ পৰা মৃতদেহটো উদ্ধাৰ কৰে।

কণমানিটিৰ এনে কৰুণ মৃত্যুত সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ বিৰাজ কৰিছে।

লগতে চাওকঃ

মৰ্মান্তিক! মাতৃৰ মৃত্যুৰ পিছতে পুত্ৰৰাে মৃত্যু, একেলগে সম্পন্ন দুয়ােৰে আদ্যশ্ৰাদ্ধ

1 thought on “মৰ্মান্তিক! ঘৰৰ সমীপৰ পুখুৰীত উদ্ধাৰ নিৰুদ্দিষ্ট শিশু দৈচাং বসুমতাৰীৰ মৃতদেহ”

Comments are closed.