মৰ্মান্তিক! জাপানীজ এনকেফেলাইটিছে অকালতে কাঢ়ি নিলে ষষ্ঠ শ্ৰেণীৰ ছাত্ৰীৰ প্ৰাণ…

নিউজ ডেস্কঃ ৰাজ্যত বানৰ সংহাৰৰ পিছতে আতংকৰ সৃষ্টি কৰিছে কোভিডৰ লগতে জাপানীজ এনকেফেলাইটিছ আৰু ডেংগুৱে।

বহু অঞ্চলত বানপানী শুকোৱাৰ পিছতে জাপানীজ এনকেফেলাইটিছ আৰু ডেংগুৰ দৰে ৰোগে দেখা দিয়াত আতংকিত হৈ পৰিছে বন্যাৰ্ত।

ইফালে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমৰ প্ৰকাশিত তথ্য অনুসৰি এপ্ৰিল মাহৰ পৰা ৭ জুলাই পৰ্যন্ত অসমত 48 জন লোক জাপানী এনকেফেলাইটিছত আক্ৰান্ত হৈছে৷ ইয়াৰে 6 জনৰ মৃত্যু হৈছে।

জানিব পৰা মতে, এই মহামাৰীত আক্ৰান্ত হৈ মৃত্যু ঘটাসকলৰ ভিতৰত দুজন যোৰহাটৰ, এজন লখিমপুৰৰ, এজন কামৰূপৰ আৰু এজন ধেমাজিৰ নিৱাসী।

আনহাতে আমগুৰিত জাপানীজ এনকেফেলাইটিছত এগৰাকী ষষ্ঠ শ্ৰেণীৰ ছাত্ৰীৰ মৃত্যুৰ বাতৰিয়ে আতংকৰ সৃষ্টি কৰিছে সমগ্ৰ অঞ্চলটোত।

বাতৰি অনুসৰি, আমগুৰিৰ হাতীমূৰীয়া ঘৰফলীয়াৰ নিৱাসী উমেশ নেওগৰ কন্যা তথা দেওধাই মজলীয়া বিদ্যালয়ৰ ছাত্ৰী আকাশী নেওগ কেইবাদিনো ধৰি আক্ৰান্ত হৈ আছিল তীব্ৰ জ্বৰত।

পৰৱৰ্তী সময়ত ছাত্ৰীগৰাকীক হাস্পতালত ভৰ্তি কৰোৱা হয় যদিও শনিবাৰে হাস্পতালতে মৃত্যু ঘটে আকাশী নেওগ নামৰ কিশোৰীগৰাকীৰ।

ইয়াৰ পিছতে জাপানীজ এনকেফেলাইটিছৰ বিৰুদ্ধে অঞ্চলটোত সজাগতামূলক ব্যৱস্থা, ধোঁৱাৰ ব্যৱস্থা আৰু স্প্ৰে’ৰ ব্যৱহাৰ কৰিবলৈ জিলা প্ৰশাসনক দাবী জনাইছে আকাশীৰ পৰিয়ালে।

ইপিনে, শােণিতপুৰ জিলাৰ চাৰি দুৱাৰতাে এগৰাকী মহিলাই জাপানী এনকেফেলাইটিছত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰা বুলি জানিব পৰা গৈছে।

মৃত মহিলাগৰাকীৰ নাম মুনী দেৱী বুলি জানিব পৰা গৈছে। এই মহিলাগৰাকী তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছিল।