নিউজ ডেস্ক। ব্যস্ত ৰাজপথত গৰাকীবিহীন পশুধনৰ বাবে সঘনাই দুৰ্ঘটনা সংঘটিত হৈ আহিছে।
এইবাৰ টােলগে’টৰ পথত ৰৈ থকা গৰুৰ বাবে ভয়ংকৰ দুৰ্ঘটনাত পতিত হ’ল এখন তীব্ৰবেগী এম্বুলেঞ্চ। থিতাতে প্ৰাণ হেৰুৱালে ৰােগীসহ ৪ জন লােকে।
টােলগে’টত থকা একাধিক চিচিটিভি কেমেৰাত বন্দী হৈছে এই ভয়াৱহ দুৰ্ঘটনাৰ সমগ্ৰ দৃশ্য।
এই দুৰ্ঘটনা সংঘটিত হৈছে কৰ্ণাটকৰ উডুপিত।
এখন দ্ৰুতবেগী এম্বুলেন্স এখন টোল গেটৰ সমীপত নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ ফলতে এম্বুলেঞ্চত থকা ৰোগী সহ ২ জন চিকিৎসাকৰ্মী আৰু এজন টোলগেটৰ কৰ্মচাৰীৰ কৰুণ মৃত্যু ঘটে ।
লগতে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় এম্বুলেঞ্চখনৰ চালকজন।
কৰ্ণাটকৰ উডুপিৰ কুণ্ডপুৰাৰ সমীপৰ শ্বিৰুত সংঘটিত এই শোকাবহ দুৰ্ঘটনাৰ ভিডিঅ’ সামাজিক মাধ্যমত ব্যাপক ৰূপত ভাইৰেল হৈ পৰিছে।
আৰক্ষীৰ সূত্র মতে তীব্ৰবেগী এম্বুলেঞ্চখনে টোলগেট পাৰ হোৱাৰ সময়তে সন্মুখত আহি পৰা এটা গৰুৰ প্ৰাণ বচাবলৈ লঁওতেই নিয়ন্ত্ৰণ হেৰুৱাই টোলগেটৰ খুঁটাত খুন্দা মাৰি কেইবালুটি খাই পৰে ।
#WATCH | Karnataka: Four people were injured after a speeding ambulance toppled at a toll gate, near Byndoor. The Ambulance was carrying a patient to Honnavara. Further details are awaited.
— ANI (@ANI) July 20, 2022
(Source: CCTV) pic.twitter.com/M3isDaX7Eg
জানিব পৰা মতে, এম্বুলেন্সখনে এজন ৰোগীক হোন্নাৱৰৰ পৰা কুণ্ডাপুৰালৈ লৈ যোৱাৰ সময়তে এই দুৰ্ঘটনাটো সংঘটিত হয় । ইফালে টোলগেটত থকা চি চি টিভিত সমস্ত ঘটনা আৱদ্ধ হৈ পৰে ।
এটা গৰুক দুৰ্ঘটনাৰ পৰা বচাবলৈ গৈয়ে নিজেই দুৰ্ঘটনাত পতিত হয় এম্বুলেঞ্চখন ।
পিছল হৈ থকা ৰাস্তাত ব্ৰেকে ভালকৈ কাম নকৰাৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হয় বুলি মত প্ৰকাশ কৰিছে আৰক্ষীয়ে।
Terrible accident involving an ambulance at a toll booth in Shiroor, Karnataka. Three in the ambulance tragically dead. Prayers for the injured. @IndiaToday pic.twitter.com/ZqFzT6Q9pj
— Shiv Aroor (@ShivAroor) July 20, 2022
ইতিমধ্যে দুৰ্ঘটনাত নিহত আটাইকেইজন লোকৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে ।
লগতে চাওকঃ
মেট্ৰ’ ৰে’লত ৰীল ভিডিঅ’ বনাই বিপদত যুৱতী, ৰুজু হ’ল গােচৰ…
