মৰ্মান্তিক! ডাম্পাৰৰ চেপাত প্ৰাণ গ’ল স্কুটী আৰােহী অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষকৰ

নিউজ ডেস্ক। এক শােকাৱহ পথ দুৰ্ঘটনা।

ডাম্পাৰৰ চেপাত প্ৰাণ গ’ল স্কুটী আৰােহী এগৰাকী গাঁও পঞ্চায়তৰ সভাপতি, অৱসৰপ্ৰাপ্ত শিক্ষকৰ।

এই ঘটনাৰ স্থান তেজপুৰৰ বৰঘাট।

জানিব পৰা মতে, বৰাঘাট আৰক্ষী চকীৰ অন্তৰ্গত বৰঘাট চেণ্টাৰৰ জাৰণীৰ সমীপত এখন দ্রুতবেগী ডাম্পাৰে মহটিয়াই নিয়ে চাইদুল বাছাৰ নামৰ এজন লােকক।

নিহত লােকজন অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষকৰ লগতে চামধৰা গাঁও পঞ্চায়তৰ বৰ্তমানৰ সভাপতি।

জানিব পৰা মতে, পুৱা প্ৰায় ১০.৩০ বজাত তেওঁ চামধৰা গাঁও পঞ্চায়তলৈ এএছ ১২ ভি ৪৭১২ নম্বৰৰ স্কুটীখনৰে আহি থকা অৱস্থাত এএছ ০৯ এচি ৮৫২৪ নম্বৰৰ দ্ৰুতবেগী ডাম্পাৰখনে পিছফালৰ পৰা তেওঁক মহটিয়াই নিয়ে।

ডাম্পাৰৰ চকা বাছাৰৰ মূৰৰ ওপৰৰে পাৰ হৈ যোৱাত তেওঁৰ ঠিতাতে মৃত্যু ঘটে।

ইপিনে দুর্ঘটনাটো সংঘটিত কৰিয়েই ডাম্পাৰৰ চালকে পলায়ন কৰে।

এই ঘটনাৰ পাছতে স্থানীয় লােকে প্ৰতিবাদ সাব্যস্ত কৰে।