মৰ্মান্তিক! তীব্ৰবেগী বলেৰ’ পিকাআপ বাহনে মহটিয়াই নিলে স্কুটী, কণমানি কন্যাসহ মৃত্যু মাতৃৰ…

নিউজ ডেস্কঃ তীব্ৰবেগী বলেৰ’ পিকআপ বাহনৰ প্ৰচণ্ড খুন্দাত প্ৰাণ হেৰুৱাবলগীয়া হ’ল মাতৃ-কন্যাই।

দুধনৈৰ চেঁচাপানীত সংঘটিত হয় এই মৰ্মান্তিক পথ দুৰ্ঘটনা।

জানিব পৰা মতে, অঞ্চলটোৰ হাঁহচৰাবড়ী পৰা চেঁচাপানী অভিমুখে এএছ ১৮জি ২০৩৮ নম্বৰৰ স্কুটীৰে ৯ বছৰীয়া কন্যা ৰাণী কচাৰীসহ গৈ আছিল হিমাদ্ৰী কচাৰী (২৭) নামৰ মহিলাগৰাকী।

সেই সময়তে এএছ ০১জেচি ০৪৬৬ নম্বৰৰ বলেৰ’ পিকআপ ভানখনে মাতৃ-কন্যাক মহটিয়াই নিয়াত থিতাতে প্ৰাণ হেৰুৱায় দুয়োজনে।

দুৰ্ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷