মৰ্মান্তিক! নিয়ন্ত্ৰণ হেৰুৱাই পথৰ পৰা উফৰি গছত প্ৰচণ্ড খুন্দা আই-২০ বাহনৰ, শিক্ষক আচল মহন্তসহ ২ যুৱকৰ মৃত্যু

নিউজ ডেস্কঃ এক ভংয়কৰ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে এগৰাকী যুৱ শিক্ষকসহ ২জনকৈ লোকে।

মঙলবাৰে নিশা ধেমাজি জিলাৰ জোনাই গালীৰ ৰঙানৰ ৫১৫নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই দুৰ্ঘটনা।

নিশা প্ৰায় ১১ বজাত এখন তীব্ৰবেগী বাহনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ পৰা উফৰি খুন্দা মাৰে এজোপা গছত।

এই দুৰ্ঘটনাত নিহয় হয় জোনাই লাইমেকুৰীস্থিত মুৰ্কংচেলেক আদৰ্শ বিদ্যালয়ৰ শিক্ষক তথা নাৰায়ণপুৰ নিৱাসী আচল মহন্ত নামৰ যুৱকজন।

আনহাতে দুৰ্ঘটনাত প্ৰাণ হেৰুৱায় আচল মহন্তৰ সম্পৰ্কীয় ভতিজা হৃদয় ৰঞ্জন দত্তও।

দুুৰ্ঘটনাত আহত হৈছে লীলা চেত্ৰী নামৰ আন এগৰাকী শিক্ষকো। আহত লোকজনক চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰা হয়।

জানিব পৰা মতে, তিনিওজনে AS01D M5087 নম্বৰৰ এখন আই-২০ বাহনেৰে জোনাই লাইেমেকুৰীৰ পৰা জোনাই অভিমুখে গৈ থকা সময়তে সংঘটিত হয় দুৰ্ঘটনা।

দুৰ্ঘটনাটোৱে সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পেলাইছে।