মৰ্মান্তিক! নৈৰ পাৰত একেলগে ফটো উঠাৰ কিছু মুহুৰ্তৰ পাছতে সলিল সমাধি ঘটিল একেটা পৰিয়ালৰ ৬ জনৰ

নিউজ ডেস্ক। পৰিয়ালৰ এক অনুষ্ঠানত অংশ লবলৈ আহি গঙ্গাৰ আঁৰত ফটো উঠিবলৈ গৈছিল একেটা পৰিয়ালৰ শিশু, কিশােৰীসহ ৬ জন।

গঙ্গাৰ পাৰত আটাইকেইজনে একেলগে ফটো উঠাৰ কিছু মুহুৰ্তৰ পিছতে ঘটিল এক অনাকাংক্ষিত ঘটনা!

গঙ্গাৰ কোবাল সোঁতে উটুৱাই নিয়া তাৰে এটি শিশুক বচোৱাৰ চেষ্টা কৰি এটা এটাকৈ সলিল সমাধি ঘটিল আটাইকেইজনৰে।

এই শোকাবহ ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ কানপুৰৰ বিলহাউৰৰ গংগা ঘাটত।

উদ্ধাৰকাৰী দলে এতিয়ালৈকে এটি শিশুৰ মৃতদেহ গঙ্গাৰ বুকুৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হলেও এতিয়াও সন্ধানহীন হৈ আছে আন ৫ জন।

ইফালে আটাইকেইটা শিশুৱে গঙ্গাৰ বুকুত ডুব যোৱাৰ পূৰ্বে একেলগে উঠা শেষখন ফটো ইতিমধ্যে ভাইৰেল হৈ পৰিছে।

জানিব পৰা মতে, এগৰাকী আত্মীয়ৰ নতুন দোকানখনৰ উদ্বোধনী অনুষ্ঠানত ভাগ লবলৈ আহিছিল সন্ধানহীন লােককেইজন।

মঙ্গলবাৰে বিয়লি তেওঁলোকে বিলহাউৰৰ গংগা ঘাটত ফটো উঠিবলৈ গৈছিল। তেতিয়াই অংশিকা নামৰ শিশুটি গঙ্গাৰ সোঁতত উটি যায়।

শিশুটিক বচাবলৈ আন সকলেও চেষ্টা কৰোঁতে তেওঁলোকো গঙ্গাৰ বুকুত সন্ধানহীন হৈ পৰে।

ইয়াৰ পিছতে এছডিআৰএফ, আৰক্ষী আৰু ডুবাৰু বাহিনীয়ে অভিযান চলাই সৌৰভ নামৰ কিশোৰজনৰ মৃতদেহ উদ্ধাৰ কৰে।

কিন্তু এতিয়াও সন্ধানহীন হৈ আছে অনুষ্কা, তনু, মনু, অংশিকা, অভয় নামৰ শিশুকেইটি।

এই ঘটনাই তেওঁলোকৰ পৰিয়ালক শোকস্তব্ধ কৰাৰ লগতে সমগ্ৰ অঞ্চলটোতেই শোকৰ ছাঁ পেলাইছে।