মৰ্মান্তিক! পথাৰত মাছ মাৰিবলৈ গৈ ভূ-মাফিয়াই খান্দি থোৱা দ গাঁতত পৰি মৃত্যু দুগৰাকী মহিলাৰ

নিউজ ডেস্কঃ মাছ মাৰিবলৈ গৈ পথাৰত খান্দি থোৱা দ গাতত পৰি অকাল মৃত্যুক সাৱটিবলগীয়া হ’ল দুগৰাকীকৈ মহিলাই। এই শোকাবহ ঘটনা সংঘটিত হৈছে দক্ষিণ কামৰূপৰ পলাশবাৰী সমষ্টিৰ অন্তৰ্গত সৰপাৰাত।

জানিব পৰা মতে, মঙলবাৰে গাঁওখনৰ তিনি গৰাকী মহিলাই একেলগে মাছ মাৰিবলৈ গৈছিল পথাৰলৈ। কিন্তু পথাৰৰ মাজত ভূমি মাফিয়াই খান্দি থোৱা দ গাঁতত বাগৰি পৰে মহিলা কেইগৰাকী।

এক্সেভেটৰৰে অৱৈধভাৱে খনন কৰা এই বৃহৎ গাঁতসমূহ পানীৰে পৰিপূৰ্ণ হৈ থকাত চিনিব নোৱাৰি তিনিওগৰাকী মহিলা পিচলি পৰাত পানীত ককবকাবলৈ ধৰে।

মহিলা কেইগৰাকীৰ মৰণকাতৰ আৰ্তনাদ শুনি স্থানীয় লোকে ততাতৈয়াকৈ আহি এগৰাকী মহিলাক জীৱন্তে উদ্ধাৰ কৰিবলৈ সক্ষম হয় যদিও সলিল সমাধি ঘটে আন দুগৰাকী মহিলাৰ।

নিহত মহিলা দুগৰাকীক দিপালী মজুমদাৰ (৪৯) আৰু ভাৰতী মজুমদাৰ (৪৫) বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে, পথাৰৰ মাজত ভূ-মাফিয়াই এনেদৰে খান্দি থোৱা দ গাঁতৰ ফলত পূৰ্বেও কেইবাটাও দুৰ্ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে।

পথাৰত মাছ মাৰিবলৈ গৈ এনেদৰে দুগৰাকী মহিলাই মৃত্যুক সাৱটি লোৱা ঘটনাই অঞ্চলটোত শোকৰ ছাঁ পেলাইছে।