মৰ্মান্তিক! পানীভৰ্তি বাল্টিত সোমাই ১০ মহীয়া শিশুৰ মৃত্যু

নিউজ ডেস্ক। মৰিয়নি আৰক্ষী থানাৰ অন্তৰ্গত নিউ সোণোৱাল চাহ বাগিচাত সংঘটিত হ’ল এক শোকাৱহ ঘটনাত এটি কণমানি শিশুৰ মৃত্যু হয়।

নিউ সোণোৱাল চাহ বাগিচাৰ বাপন ভূমিজ আৰু তেওঁৰ পত্নী নিভা ভূমিজ প্ৰায় ১০ মহীয়া পুত্ৰ মাইনা ভূমিজৰ এটা পানীভৰ্তি বাল্টিত সোমাই যোৱাত শোকাৱহ মৃত্যু হয়।

বাপন ভূমিজৰ পত্নী ঘটনাৰ সময়ত ওচৰতে থকা মাকৰ ঘৰত আছিল।

সেই সময়ত ঘৰৰ চোতালতে খেলি আছিল কণমানি শিশুটিয়ে। কণমানিটোৰ মাক নিভা ভূমিজে নৈৰ পৰা পানী আনিবলৈ গৈছিল, কিন্তু ঘৰৰ চোতালৰ কাষতে থকা এটা পানীভৰ্তি বাল্টিত কেনেবাকৈ কণমানিটো সোমাই পৰে আৰু তেনেকৈয়ে দুৰ্ভগ্যজনকভাৱে মৃত্যুক আকোঁৱালি লয়।

পৰিয়ালৰ লোক পাছত আহি সমগ্ৰ বাল্টিটোত সোমাই মৃত্যু হোৱা কণমানিটোক প্ৰত্যক্ষ কৰে।

ঘটনাটোৰ বিষয়ে অঞ্চলটোত বিয়পি পৰাত সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পৰে।

মৰিয়নিৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ কণমানিটোৰ মৃতদেহ উদ্ধাৰ কৰে আৰু মৰণোত্তৰ পৰীক্ষাৰ বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে।

Leave a Comment