মৰ্মান্তিক! পূজাৰ উছাহৰ মাজতে পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈসহ দুই ভাতৃৰ

নিউজ ডেস্কঃ পূজাৰ আনন্দৰ মাজতে শোকৰ বন্যা শিৱসাগৰ জিলাৰ কোঁৱৰপুৰ কাৰীগাৱত।

এক ভয়ংকৰ পথ দুৰ্ঘটনাত একেটা পৰিয়ালৰে দুজনকৈ যুৱকৰ মৃত্যুৱে শোকস্তব্ধ কৰি তুলিছে পৰিয়ালৰ লগতে সমগ্ৰ অঞ্চলবাসীক।

শুকুৰবাৰে নিশা সংঘটিত হৈছিল এই পথ দুৰ্ঘটনাটো।

নিয়ন্ত্ৰণ হেৰুৱাই এজোপা গছত খুন্দা মৰাৰ ফলত মৃত্যু ৰাষ্ট্ৰীয় পৰ্যায়ৰ কাৰাটে খেলুৱৈ শিৰোমণি কোঁৱৰ (২৪) আৰু তেওঁৰ সম্পৰ্কীয় ভাতৃ অজয় কোঁৱৰৰ।

আনহাতে দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈছে প্ৰদ্যুম্ন বৈৰাগী নামৰ আন এজন যুৱকো।

তিনিওজন যুৱকে এএছ ০৪ভি ১১২৪ নম্বৰৰ এখন স্কুটী চলাই গৈ থাকোতেই নিয়ন্ত্ৰণ হেৰুৱাই খুন্দা মাৰে পথৰ দাঁতিৰ এজোপা গছত।

দুৰ্ঘটনাত গুৰুতৰভাৱে আহত তিনিওকে স্থানীয় ৰাইজে হাস্পতাললৈ লৈ যায় যদিও চিকিৎসকে মৃত ঘোষণা কৰে দুই ভাতৃ ক্ৰমে শিৰোমণি আৰু অজয়ক।

বৰ্তমানো হাস্পতালত চিকিৎসাধীন হৈ আছে আনজন যুৱক।

উল্লেখ্য যে, দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা শিৰোমণি কোঁৱৰ এগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ কাৰাটে খেলুৱৈ হোৱাৰ লগতে প্ৰশিক্ষক হিচাপেও কৰ্মৰত আছিল।

শেহতীয়াকৈ অসম যুৱ অলিম্পিকতো তেওঁৰ নেতৃত্বত অংশ লৈ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছিল অসমৰ দলটোৱে।

যুৱক দুজনৰ মৃত্যুৱে গভীৰ শোকৰ ছাঁ পেলাইছে সমগ্ৰ অঞ্চলটোত।