মৰ্মান্তিক! বাইক আৰোহীক পৰিয়ালক ভুল দিশেৰে আহি খুন্দা ট্ৰেক্টৰৰ, দুবছৰীয়া পুত্ৰসহ মৃত্যু পতি-পত্নীৰ

নিউজ ডেস্কঃ ভুল দিশেৰে অহা ট্ৰেক্টৰৰ খুন্দাত প্ৰাণ গ’ল বাইক আৰোহী এটা পৰিয়ালৰ! এই শোকাবহ ঘটনা সংঘটিত হৈছে ৰাজস্থানৰ আজমেৰ জিলাত।

শুকুৰবাৰে সংঘটিত এই দুৰ্ঘটনাত মৃত্যু ঘটে এহাল দম্পতীৰ লগতে তেওঁৰ দুবছৰীয়া কনিষ্ঠ পুত্ৰৰ। দুৰ্ঘটনাত দম্পতীহালৰ ৪ বছৰীয়া জ্যেষ্ঠ পুত্ৰ আৰু আন এজন কিশোৰ গুৰুতৰভাৱে আহত হয়। আহত সকলক বৰ্তমান হাস্পতালত ভৰ্তি কৰোৱা হৈছে।

জানিব পৰা মতে, আজমেৰৰ মাংলিয়াৱাছ আৰক্ষী থানাৰ অন্তৰ্গত তাবিজী পুলিয়াৰ সমীপত সংঘটিত হয় শোকাবহ দুৰ্ঘটনাটো। ৰাজসামন্দৰ পৰা দিল্লীলৈ বাইকেৰে গৈ থকা পৰিয়ালটোক মহতিয়াই নিয়ে ভুল দিশেৰে আহি থকা এখন ট্ৰেক্টৰে।

দুৰ্ঘটনাত ৰাজসামন্দৰ ভীমা দেওগড়ৰ নিৱাসী ৰমেশ (৩০), তেওঁৰ পত্নী মংগী (২৫) আৰু কনিষ্ঠ পুত্ৰ দীপক (২)ৰ থিতাতে মৃত্যু ঘটে। আনহাতে দম্পতীহালৰ জ্যেষ্ঠ পুত্ৰ সঞ্জয় (৪) আৰু আন এখন বাইকত আহি থকা ভাগিন প্ৰহ্লাদ (১৬) দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয়।

পিছত ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ আহত দুয়োজনক হাস্পতাললৈ প্ৰেৰণ কৰাৰ লগতে মৃতদেহ কেইটা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি ইতিমধ্যে অভিযুক্ত ট্ৰেক্টৰ চালকজনক আটক কৰি তদন্ত আৰম্ভ কৰিছে। দুৰ্ঘটনাটোৱে সমগ্ৰ অঞ্চলটো শোকস্তব্ধ কৰি তুলিছে।