মৰ্মান্তিক! ভাৰত-চীন সীমান্তত দুৰ্ঘটনাত পতিত ভাৰতীয় সেনাৰ ট্ৰাক, শ্বহীদ ১৬ জোৱান…

নিউজ ডেস্কঃ ছিক্কিমৰ ভাৰত চীন সীমান্তত মৰ্মান্তিক ঘটনা।

নিয়ন্ত্ৰণ হেৰুৱাই দ খাৱৈত বাগৰি পৰিল ভাৰতীয় সেনা কঢ়িওৱা ট্ৰাক।

দুৰ্ঘটনাত শ্বহীদ ১৬ গৰাকী ভাৰতীয় সেনা জোৱান।

জানিব পৰা মতে, সেনাৰ ৩ খন বাহনৰ কনভয় চতনৰ পৰা থাংগু অভিমুখে গৈ থকাৰ সময়তে সংঘটিত হয় এই দুৰ্ঘটনা।

জেমালৈ যোৱাৰ পথত জোৱান কঢ়িয়াই নিয়া ট্ৰাকৰ চালকে নিয়ন্ত্ৰণ হেৰুওৱাত বাহনখনত দ খাৱৈত বাগৰি পৰে।

কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে এই দুৰ্ঘটনাত শোক ব্যক্ত কৰিছে।

ঘটনাস্থলীত উদ্ধাৰকাৰী দল উপস্থিত হৈ আহত জোৱানসকলক উদ্ধাৰ কৰি হাস্পতাললৈ প্ৰেৰণৰ ব্যৱস্থা কৰিছে।