মৰ্মান্তিক! শুই থকা অৱস্থাত বনৰীয়া হাতীৰ আক্ৰমণত দুই কণমানিৰ মৃত্যু, বিধ্বস্ত ঘৰ

নিউজ ডেস্ক। ৰাজ্যজুৰি অব্যাহত থকা হাতী-মানুহৰ সংঘাত মাজতে সংঘটিত হৈছে এক কৰুণ ঘটনা।

নিশা শুই থকা অৱস্থাতে বনৰীয়া হাতীৰ আক্ৰমণত প্ৰাণ গ’ল দুই কণমানিৰ। হাতীৰ আক্ৰমণত বিধ্বস্ত হৈ পৰিল ঘৰখন।

এই ঘটনা সংঘটিত হৈছে শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ ১ নং বালিজুৰিত।

এটা প্ৰকাণ্ড বনৰীয়া হাতীয়ে নিশা প্ৰায় ২ মান বজাত ১ নং বালিজুৰি নিবাসী মিকুদিন ছালা নামৰ লােকজনৰ ঘৰটো ভাঙি পেলায়।

লগতে শুই থকা অৱস্থাত তেওঁৰ দুই সন্তান কাৰমেলা ছালা (৯) আৰু মাঠিয়াছ ছালা (৭) ক আক্ৰমণ কৰে।

G01

সংকটজনক অৱস্থাত স্থানীয় লােকে দুই শিশুক উত্তৰ জামুগুৰি গ্ৰাম্য চিকিৎসালয়লৈ আনে যদিও কাৰমেলা ছালাৰ চিকিৎসালয়তে মৃত্যু ঘটে।

অতি সংকটজনক অৱস্থাত মাঠিয়াছ ছালাক চিকিৎসকে উন্নত চিকিৎসাৰ বাবে তেজপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে যদিও বাটতে শিশুটিৰ মৃত্যু ঘটে।

আনহাতে, এই ঘটনাত কথমপি প্ৰাণ ৰক্ষা কৰি পলায়ন কৰে মিকুদিন ছালা আৰু তেঁওৰ তিনিবছৰীয়া সন্তানসহ পত্নীয়ে।

এই ঘটনাই অঞ্চলজুৰি তীব্ৰ শােকৰ ছাঁ পেলাইছে।

লগতে চাওকঃ

আবেগিক মুহূৰ্ত! শ্বহীদ জােৱানৰ ভগ্নীৰ বিয়াত ভাতৃৰ সমস্ত দায়িত্ব পালন সতীৰ্থ জোৱানৰ

Leave a Comment