মৰ্মান্তিক! শৰাইঘাটত পথ দুৰ্ঘটনাত ভগ্নীৰ মৃত্যুৰ ৮ দিন পাছতে ভাতৃৰাে অকাল মৃত্যু

নিউজ ডেস্ক। এক হৃদয়বিদাৰক ঘটনা।

যেন কাল অমানিশা নামি আহিল এজন শিক্ষকৰ পৰিয়াললৈ। মাত্ৰ ৮ দিনৰ ব্যৱধানতে নিজৰ দুটাকৈ সন্তানক অকালতে হেৰুৱাই নিঠৰুৱা হ’ল শিক্ষক পিতৃ তথা মাতৃ।

কন্যাৰ মৃত্যুৰ ৮ দিনৰ পাছতে পুত্ৰৰ বিয়োগত বাকৰুদ্ধ পিতৃ-মাতৃ। ভগ্নীৰ সকাম শেষ নৌহওঁতেই অকাল মৃত্যু ঘটিল ভায়েকৰাে।

ভাতৃ-ভগ্নীৰ মৃত্যুৰ খবৰে শোকস্তব্ধ কৰিছে পৰিয়ালটোৰ লগতে অঞ্চলটােৰ প্ৰতিজন ব্যক্তিক।

উল্লেখ্য যে দৰং জিলাৰ ছিপাঝাৰ ৰাজহচক্ৰৰ অন্তৰ্গত দুমুনিচকীৰ শিক্ষক ওৱাহেদুৰ ৰহমানৰ একমাত্ৰ পুত্ৰ তথা মেধাৱী ছাত্ৰ ছাজিদ আখটাৰ (২৩)ৰ মংগলবাৰে বিয়লি মৃত্যু হয়।

জানিব পৰা মতে, বহু দিনৰ পৰা বৃক্ক ৰোগত আক্ৰান্ত ছাজিদ আখটাৰক দিনৰ ভাগত উশাহ নিশাহ লোৱাত কষ্ট পোৱাত মঙলদৈৰ চিকিৎসালয়লৈ লৈ যায় যদিও উভতি আহি ঘৰতে মৃত্যু হয়।

জানিব পৰামতে, ছাজিদ আখটাৰৰ দুয়োটা বৃক্ক বিকল আছিল।

উল্লেখ্য যে ১৫ আগষ্টৰ নিশা চেন্নাইৰ পৰা চিকিৎসা শেষ কৰি উভতি অহা ছাজিদ আখটাৰৰ ভগ্নী ৰুমিজা বেগমে এজন বন্ধুৰ সৈতে একেলগে একমাত্ৰ ভ্ৰাতৃক গুৱাহাটী বিমান বন্দৰৰ পৰা আনিবলৈ গৈছিল।

কিন্তু বিমান বন্দৰ পোৱাৰ আগতেই তেওঁলোকৰ বাহন খনে নিশা শৰাইঘাট দলঙৰ ৰেলিঙত খুন্দিয়াই দুৰ্ঘটনাত পতিত হয়। এই শোকাৱহ পথ দুৰ্ঘটনাত ছাজিদ আখটাৰৰ ভগ্নী ৰুমিজা বেগমে বন্ধুজনৰ সৈতে অকাল মৃত্যুক সাৱটি লৈছিল।

ভগ্নী ৰুমিজা বেগমৰ মৃত্যুৰ সম্পূৰ্ণ এটা সপ্তাহৰ পাছত ভ্ৰাতৃ ছাজিদ আখটাৰৰ অকাল বিয়োগত বৃহত্তৰ দুমুনিচকী অঞ্চলত গভীৰ শোকৰ ছাঁ পৰিছে।

Leave a Comment