মৰ্মান্তিক! ৩ মাহ পূৰ্বে একেটা দিনতে সম্পন্ন হৈছিল দুই ভাতৃৰ বিয়া, দুৰ্ঘটনাত দুয়ােজনৰে মৃত্যু

নিউজ ডেস্ক। নিয়তিৰ কি নিষ্ঠুৰ পৰিহাস! পিতৃ-মাতৃ তথা পৰিয়ালৰ পৰা একেলগে কাঢ়ি নিলে দুই ভাতৃক।

মাত্ৰ ৩ মাহ পূৰ্বে একে দিনাই বিয়াত বহা দুই ভাতৃয়ে একেলগে হ’ল দুৰ্ঘটনাত পতিত। গুৰুতৰভাৱে আহত অৱস্থাত চিকিৎসালয়ত দুয়ােজনেই হেৰুৱালে প্ৰাণ।

এই হৃদয় কঁপাই যােৱা ঘটনাৰ স্থান ধেমাজী জিলাৰ চিলাপথাৰ।

চিলাপথাৰৰ শিয়াল চাপৰিৰ অনু ৰাজবংশীৰ দুই পুত্ৰ বাবু (২৭) আৰু ৰাজু (২৬) মাত্ৰ ৩ মাহৰ পূৰ্বে একেটা দিনতে বিবাহপাশত আবদ্ধ হৈছিল।

যুগ্ম জীৱনৰৰ আৰম্ভণিতে কাল অমানিশা নামি আহিল এই দুৰ্ভগীয়া পৰিয়াললৈ।

উল্লেখ্য যে এখন ফাৰ্নিচাৰৰ দােকানত কাম কৰি পৰিয়ালৰ পােহপাল দিছিল দুই ভাতৃয়ে।

যোৱা ২৪ জুনত চিলাপথাৰ ডিমৌত এক ভয়ংকৰ পথ দুৰ্ঘটনাৰ সন্মুখিন হয় ভাতৃদ্বয়।

জানিব পৰা মতে, ঘটনাৰ দিনা দুই ভাতৃ বাবু আৰু ভাতৃ ৰাজু বাইকেৰে ডিমৌৰ কৰ্মস্থানৰ পৰা ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে ঘৰলৈ ৰাওনা হৈছিল।

তেনে সময়তে ডিমৌ গোলাইত এখন বিপৰিতমুখী অ’টৰ সৈতে তেওঁলােকৰ বাইকৰ ভয়ংকৰ সংঘৰ্ষ হয়।

ঘটনাৰ দিনাই বাবু ৰাজবংশীৰ মৃত্যু হয়।

ইপিনে, সংকটজনক অৱস্থাত ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছিল কনিষ্ঠ ভাতৃ ৰাজু ৷ পিছে চাৰিটা দিনে মৃত্যুৰ সৈতে যুঁজি অৱশেষত হাৰ মানিলে ৰাজুৱে।

নিশা এ এম চি’ত শেষ নিস্বাস ত্যাগ কৰে ৰাজুৱে। এনেদৰে চিৰদিনৰ বাবে ইহ সংসাৰ ত্যাগ কৰিলে দুই ভাতৃয়ে।

এই ঘটনাই সমগ্ৰ অঞ্চলতে এক গভীৰ শােকৰ ছাঁ পেলাইছে।

Leave a Comment