যুৱকৰ তৎপৰতাত ৰক্ষা পৰিল এক ভয়ংকৰ ৰে’ল দুৰ্ঘটনা…

নিউজ ডেস্ক। এক ভয়ংকৰ ৰে’ল দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰিল এখন ৰে’ল।

ভাঙি থকা ট্ৰেক প্ৰত্যক্ষ কৰি যুৱকে নিজৰ পৰিহিত গুলপীয়া ৰঙৰ টি-চাৰ্ট খুলি ইংগিত দিলে আহি থকা ৰে’লক। যাৰ ফলত চালকে গতি কমাই দিয়ে ৰে’লৰ। আৰু ৰক্ষা পৰে বহুতৰ জীৱন।

04-Sep-106-jab-2021

এই ঘটনা শনিবাৰে পুৱা সংঘটিত হয় মধ্য প্ৰদেশৰ চেহোৰা-জবলপুৰ ৰে’ল ষ্টেচনৰ মাজত।

জানিব পৰা মতে, চেহোৰা-জবলপুৰ ৰে’ল ষ্টেচনৰ মাজৰ ৰেল লাইনৰ এটা অংশ ভাঙি আছিল। সেই সময়ত সেই দৃশ্য প্ৰত্যক্ষ কৰিছিল সেই ফালেৰে খোজকাঢ়ি আহি থকা এজন যুৱকে।

তেনে সময়তে ৰেল পথটোত তীব্ৰ বেগেৰে আহি আছিল গণ্ডৱানা এক্সপ্ৰেছ।

ৰেলখন আহি থকা দেখি যুৱকজনে নিজৰ পৰিধান কৰি থকা গুলপীয়া ৰঙৰ টি-চাৰ্টটো খুলি ট্ৰেকৰ ফালে আঙুলি দেখুৱাই ৰেলখন ৰ’বলৈ ইংগিত দিয়ে।

04-Sep-111-jab-2021

যুৱকজনৰ সেই ইংগিত প্ৰত্যক্ষ কৰি ৰেলখনৰ পাইলটজনে বিপদাশংকা অনুভৱ কৰে। সেয়েহে তেওঁ ৰেলখনৰ গতি কমাই দিয়ে।

অৱশ্যে ৰেলখন লাইনচ্যুত হৈ ১০ টা ডবা ভঙা ট্ৰেকৰ ওপৰেৰে পাৰ হৈ গৈছিল যদিও এটা ডাঙৰ দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰিছিল।

উল্লেখ্য যে এই তথ্য পোৱাৰ লগে লগেই ৰেল বিভাগৰ বিষয়াক সতৰ্ক কৰি দিয়ে চালকে। ইয়াৰ পিছতেই বিভাগীয় বিষয়া কৰ্মচাৰী চেহোৰাৰ ঘটনাস্থলীত উপস্থিত হয় আৰু ট্ৰেকৰ মেৰামতিৰ কাম আৰম্ভ কৰে। তেওঁলোকে এই ঘটনাৰ এক তদন্তও আৰম্ভ কৰে।

G2

খবৰ অনুসৰি ৰে’লপথৰ কাষেৰে পাৰ হৈ যোৱা বাসুদেৱ নামৰ এজন পথচাৰীয়ে ভঙা ট্ৰেকটো প্ৰত্যক্ষ কৰিছিল। আৰু তেওঁৱেই গুলপীয়া টি-চাৰ্টেৰে ৰেলখন ৰখাবলৈ চেষ্টা কৰিছিল।

আনহাতে পুৱা ৭:২৫ বজাত জবলপুৰত উপস্থিত হোৱা সংঘমিত্ৰা আৰু পুৱা ৭:৫৫ বজাত জবলপুৰলৈ অহা মহাকৌশল এক্সপ্ৰেছ ষ্টেচনত ৰৈ যাব লগীয়া হয়। দুয়োখন ২ ঘণ্টা পলমকৈ যাবলগীয়া হয়।

Leave a Comment