যেন সাক্ষাৎ ‘চুপাৰমেন’! নিশ্চিত দুৰ্ঘটনাৰ পৰা ৰক্ষা কৰিলে এগৰাকী শিশুক

নিউজ ডেস্ক। অসমীয়াত এষাৰ কথা আছে যে ‘মাৰে হৰি ৰাখে কোনে’।

এইবাৰ পুনৰ সেই আপ্ত বাক্যশাৰীয়েই যেন প্ৰমাণিত হ’ল এক ঘটনাৰ ক্ষেত্ৰত। এই ঘটনাৰ দৃশ্য সম্প্ৰতি ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যম টুইটাৰত।

টুইটাৰত ‘Rex Chapman’ নামৰ পেজটোৱে শ্বেয়াৰ কৰা দৃশ্যটোত দেখা অনুসৰি, এটা ব্যস্ত ৰাজপথ। অহৰহ অহা যোৱা হৈ আছে যান-বাহন। পথটোৰ ইটো পাৰে এজনী কণমানিয়ে খেলি আছে। এইটো পাৰত ৰৈ আছে এগৰাকী যুৱতী।

ঠিক কিছু পিছতেই যুৱতী গৰাকীৰ কাষত ৰৈছেহি এজন যুৱক। তেওঁ পথটো পাৰ হবলৈ চেষ্টা কৰি ৰৈ আছে এইটো পাৰত। কিন্তু গাড়ী আহি থকাৰ বাবে তেওঁ পাৰ হ’ব পৰা নাই পথটো। তেনেতে ইপাৰত খেলি থকা কণমানিজনী নামি আহিলে পথটোলৈ।

আনহাতে তীব্ৰ বেগত এটা দিশৰ পৰা আহি আছে এখন বাহন। যুৱতী গৰাকীয়ে চিঞৰি কণমানিজনীলৈ দেখুৱালে। সেই দৃশ্য দেখি যুৱকজনে এক পলো ৰৈ নাথাকিল। সকলো পাহৰি তেওঁ দৌৰি গল কণমানিজনীক বচাবলৈ।

সেই অনুসৰি যুৱকজনে দৌৰি গৈ কণমানিজনীক দাঙি পাৰ হৈ যাওঁতেই তীব্ৰবেগী গাড়ীখন জোৰেৰে ব্ৰেক মাৰি ৰৈছেহি সেই ঠাই। গাড়ীখন ৰল যদিও সেই ঠাইৰ পৰা কিছুদূৰ আঁতৰতহে ৰবলৈ সক্ষম হয়।

তাৰপৰাই অনুমান কৰিব পাৰি যে গাড়ীখনৰ গতিবেগ কিমান আছিল।

যেন এক পল মূহুৰ্ত দেৰি হোৱাহেঁতেনেই শেষ হলহেঁতেন কণমানিজনীৰ জীৱন। বা যুৱকজনে অকণমান দেৰি কৰাহেঁতেনেই প্ৰাণ গলহেঁতেন যুৱকজনৰ। কিন্তু সৌভাগ্যক্ৰমে ৰক্ষা পৰিল দুয়োৰে জীৱন। যেন কণমানিজনীৰ জীৱন ৰক্ষাৰ বাবে ঈশ্বৰ হৈহে সেই ঠাইত উপস্থিত হৈছিলহি সেই যুৱকজন।

এই দৃশ্য এতিয়া সামাজিক মাধ্যম সমূহত ভাইৰেল হৈ পৰিছে। বহুতে যুৱকজনৰ এই কাৰ্যক প্ৰশংসা কৰিছে। আন বহুতে যুৱকজনক ‘চুপাৰমেন’ হিচাপে অভিহিত কৰিছে।

লগতে চাওকঃ

ৰাখে হৰি… নৈৰ সােঁতত উটি যোৱা বয়ােজ্যেষ্ঠ মহিলাক ২০ কিলোমিটাৰ নিলগত জীৱন্তে উদ্ধাৰ

মৰ্মান্তিক! ক’ভিড-১৯ত পিতৃ-মাতৃক হেৰুৱাই দিশহাৰা ৩ কন্যা সন্তান

Leave a Comment