লঘু দোষত গুৰু শাস্তি! বিষয়াই চাহ খোৱা কাপ-প্লেট চাফা নকৰাৰ বাবেই ৰিজাৰ্ভ ক্ল’জ কৰা হ’ল কনিষ্টবল ধীৰেণ দাসক

নিউজ ডেস্কঃ এক লঘু দোষত গুৰু শাস্তিৰ সন্মুখীন হ’বলগীয়া হ’ল অসম আৰক্ষীৰ এগৰাকী কনিষ্টবল!

বিষয়াই চাহ খোৱা কাপ-প্লেট সময়মতে চাফা নকৰাৰ বাবেই খৰ্গহস্ত হৈ পৰা ভাৰপ্ৰাপ্ত বিষয়াই ৰিজাৰ্ভ ক্ল’জ কৰিলে বৰপেটা সদৰ থানাৰ কনিষ্টবল ধীৰেন দাসক।

অভিযোগ অনুসৰি, বৰপেটা সদৰ থানাত অলপতে অনুষ্ঠিত হৈছিল আৰক্ষীৰ এখন বিভাগীয় সভা।

এই সভাত বিষয়াই চাহ খোৱা কাপ-প্লেট চাফা কৰাৰ নিৰ্দেশ দিয়া হৈছিল কনিষ্টবল ধীৰেণ দাসক। কিন্তু জোৱানজনে সময়মতে সেই কাপ-প্লেট চাফা নকৰাৰ বাবেই ক্ষুণ্ণ হৈ পৰে ভাৰপ্ৰাপ্ত বিষয়া দেৱানন্দ দাস।

অ’চি দেৱানন্দ দাসৰ অভিযোগৰ ভিত্তিতেই পৰৱৰ্তী সময়ত তাৎক্ষণিকভাৱে কনিষ্টবল ধীৰেণ দাসক ৰিজাৰ্ভ ক্ল’জ কৰে বৰপেটাৰ আৰক্ষী অধীক্ষকে।

ইফালে এটা লঘু দোষৰ বাবে এনে ধৰণৰ গুৰু শাস্তি বিহাত মানসিকভাৱে ভাগি পৰিছে ধীৰেণ দাস।

তেওঁ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু অসম আৰক্ষী সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্তক অনুৰোধ কৰিছে বিষয়টোত হস্তক্ষেপ কৰিবলৈ।

ভৱিষ্যতে যাতে এনে গুৰু শাস্তিৰ সন্মুখীন আন জােৱান হ’বলগীয়া নহয়, তাৰ বাবেও মুখ্যমন্ত্ৰীৰ ওচৰত কৰযোৰে অনুৰোধ জনাইছে গৃহৰক্ষী জোৱান ধীৰেণ দাসে।