লোমহৰ্ষক! আদালতত চলি আছিল বিবাহ বিচ্ছেদৰ শুনানি, তাৰ মাজতে এই ঘটনা সংঘটিত কৰিলে স্বামীয়ে…

নিউজ ডেস্কঃ ঘৰুৱা হিংসাত অতীষ্ঠ হৈ সাত বছৰীয়া বৈবাহিক জীৱনৰ অন্ত পেলাই বিবাহ বিচ্ছেদৰ সিদ্ধান্ত লৈছিল চিত্ৰাই। এখন পাৰিবাৰিক আদালতত তেওঁৰ আবেদনৰ শুনানিও চলি আছিল। কিন্তু এই শুনানিৰ মাজতে আদলত চৌহদত পাষাণ স্বামীৰ আক্ৰমণত প্ৰাণ হেৰুৱাবলগীয়া হ’ল ২৮ বৰ্ষীয় মহিলাগৰাকীয়ে।

এই লোমহৰ্ষক কাণ্ড সংঘটিত হৈছে কৰ্ণাটকৰ হাছান জিলাত। জিলাখনৰ হোলেনাৰসীপুৰাৰ পাৰিবাৰিক বিবাহ বিচ্ছেদৰ শুনানি চলি থকাৰ সময়তে আদালতত চৌহদত চিত্ৰাক চুৰীৰে উপৰ্যুপুৰি আক্ৰমণ কৰি নিৰ্মমভাৱে হত্যা কৰে স্বামী শিৱকুমাৰে। এই ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে সৰ্বত্ৰে।

জানিব পৰা মতে, ৭ বছৰ পূৰ্বে বিবাহ পাশত আৱদ্ধ হৈছিল হাছান জিলৰ শিৱকুমাৰ আৰু চিত্ৰাই। কিন্তু শেহতীয়াকৈ ঘৰুৱা হিংসাৰ অভিযোগ তুলি পাৰিবাৰিক আদালতত বিবাহ বিচ্ছেদৰ বাবে আবেদন জনায় মহিলাগৰাকীয়ে।

এই আবেদনৰ শুনানি গ্ৰহণ কৰি আদালতে কাউন্সেলিঙৰ জৰিয়তে পতি-পত্নীৰ ভাগি যোৱা সম্পৰ্কটো পুনৰ জোৰা লগোৱাৰ চেষ্টা চলায়। যাৰ পৰিণতিত চিত্ৰাই স্বামীৰ সৈতে একেলগে থকাৰ সন্মতিও প্ৰদান কৰে।

কিন্তু এই কাউন্সেলিঙৰ পিছতে বাথৰুমলৈ যোৱা চিত্ৰাক চুৰীৰে আক্ৰমণ কৰে স্বামী শিৱকুমাৰে। যাৰ ফলত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত মহিলাগৰাকীক হাস্পতাললৈ নিয়া হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে।

জানিব পৰা মতে, চিত্ৰাই স্বামীৰ সৈতে একেলগে থাকিবলৈ সন্মতি প্ৰদান কৰাৰ কেই মিনিটমানৰ পিছতে এই হত্যাকাণ্ড সংঘটিত কৰে শিৱকুমাৰে। তেওঁ বাথৰুমলৈ যোৱা পত্নীৰ পিছে পিছে গৈ আকস্মিকভাৱে চুৰীৰে আক্ৰমণ কৰে।

আনহাতে এই আকস্মিক আক্ৰমণ সংঘটিত কৰি শিৱকুমাৰে পলায়নৰ চেষ্টা চলায় যদিও উপস্থিত লোকে হত্যাকাৰীজনক কৰায়ত্ত কৰি আৰক্ষীৰ হাতত গতাই দিয়ে।

আৰক্ষীয়ে ঘটনা সন্দৰ্ভত এটা গোচৰ ৰুজু কৰি ইতিমধ্যে গ্ৰেপ্তাৰ কৰে হত্যাকাৰী শিৱকুমাৰক। আনহাতে হত্যাৰ পৰিকল্পনা কৰিয়েই সেইদিনা শিৱকুমাৰ আদালতলৈ চুৰী লৈ অহাৰ সন্দেহ কৰিছে আৰক্ষীয়ে।