শচীনৰ পাছত চলমান খানৰ কাষত মীৰাবাঈ, বলিউডৰ ভাইজানে জনালে শুভেচ্ছা

নিউজ ডেস্ক। টকিঅ’ অলিম্পিকত ভাৰত্তােলনত ৪৯ কিলাে শাখাত ৰূপৰ পদক জয়েৰে দেশবাসীক গৌৰৱান্বিত কৰিলে মণিপুৰৰ মীৰাবাঈ চানুৱে।

টকিঅ’ৰ পৰা স্বদেশলৈ ঘূৰি অহা মীৰাবাঈ চানুৱে পৈতৃক গৃহত কেইটমান দিন অতিবাহিত কৰিলে, উদযাপন কৰিলে নিজৰ ওপজা দিন।

ইয়াৰ পাছতে বিভিন্ন জনৰ আমন্ত্ৰণ ক্ৰমে মুম্বাইত উপস্থিত হৈছে চানু।

বুধবাৰে পুৱাই মীৰাবাঈ চানুৱে সাক্ষাৎ কৰে ক্ৰিকেটৰ ভগৱান শচীন তেণ্ডুলকাৰক।

ইয়াৰ পাছতে বলিউডৰ জনপ্ৰিয় অভিনেতা চলমান খানক সাক্ষাৎ কৰে চানুৱে।

চলমান খানে চানুৰ সৈতে উঠা ফুটাে টুইট কৰি কয় ”ৰূপৰ পদকজয়ী মীৰাবাঈ চানু মই তােমাৰ বাবে সুখী, তােমাক লগ পাই ভাল লাগিল, শুভেচ্ছা থাকিল”। উল্লেখ্য

ইয়াৰ প্ৰত্যুত্তৰ মীৰাবাঈ চানুৱে টুইট কৰি কয় ”অশেষ ধন্যবাদ চলমান খান ছাৰ, মই আপােনাৰ এগৰাকী ডাঙৰ গুণমুগ্ধ, আপােনাক সাক্ষাৎ কৰি মােৰ এটা সপােন যেন পূৰণ হ’ল”।

উল্লেখ্য যে চলমান খানকাে চুলতান নামৰ ছবিত এগৰাকী মল্লযােদ্ধাৰ ৰূপত দেখা পােৱা গৈছিল।

Leave a Comment