শােকাৱহ! নৃত্য পৰিৱেশন কৰিবলৈ গৈ ডেৰাডুনত মৃত্যু মাজুলীৰ লুইচি বৰাৰ

নিউজ ডেস্ক। এক বেয়া খবৰ।

তেজশ্বিতা বৰুৱাৰ পিছতে পুনৰ আন এগৰাকী উদীয়মান প্ৰতিভাক হেৰুৱালে মাজুলীৰ লগতে অসমবাসীয়ে।

উত্তৰাখণ্ডৰ ডেৰাডুনলৈ নৃত্য পৰিৱেশন কৰিবলৈ গৈ গুৰুতৰভাৱে অসুস্থ হৈ বিগত ৪ মাহে চিকিৎসাধীন হৈ থকা মাজুলীৰ সম্ভাৱনাময় শিল্পী লুইচি বৰা (২৫)ৰ ডেৰাডুনৰ চিকিৎসালয়ত মৃত্যু।

উল্লেখ্য যে প্ৰায় চাৰি মাহৰ পূৰ্বে মাজুলীৰ হলিৰাম বায়নৰ নেতৃত্বত সত্ৰীয়া নৃত্য পৰিবেশন কৰিবলৈ লুইচি এটা সাংস্কৃতিক দলৰ সৈতে উত্তৰাখণ্ডলৈ গৈছিল।

কিন্তু তাত উপস্থিত হােৱাৰ পিছতে হঠাৎ অসুস্থ হৈ পৰিছিল লুইচি।

ইয়াৰ পাচতে লুইচিক ততাতৈয়াকৈ ডেৰাডুনত এইমছত ভৰ্তি কৰা হয়।

কিন্তু দুৰ্ভাগ্যৱশতঃ লুইচিয়ে তেতিয়াৰ পৰাই মৃত্যুৰ সৈতে যুঁজ দি অৱশেষত মংগলবাৰে নিয়তিৰ ওচৰত হাৰ মানে।

ইফালে লুইচিৰ মৃত্যুত নিজ গাঁও জালুকবাৰীৰ লগতে সমগ্ৰ মাজুলীতে শোকৰ ছাঁ পৰিছে।

উল্লেখ্য যে প্ৰতিভাসম্পন্ন লুইচিয়ে কেৱল বিদ্যায়তনিক দিশতে নহয়, এগৰাকী সম্ভাৱনাপূর্ণ শিল্পী হিচাপে নিজৰ প্ৰতিভাৰ উমান দিবলৈ সমৰ্থ হৈছিল।

মাজুলী কেন্দ্ৰীয় সংগীত মহাবিদ্যালয়ত সৰুৰে পৰা কণ্ঠ সংগীত, সত্ৰীয়া নৃত্য, কথক নৃত্যৰ শিক্ষা লোৱাৰ উপৰি শেহতীয়াকৈ বাঁহী বাদনৰ শিক্ষাও গ্রহণ কৰিছিল।

মাজুলীৰ লগতে অসমৰ বিভিন্ন ঠাইত সাংস্কৃতিক অনুষ্ঠান পৰিবেশন কৰি নিজৰ প্ৰতিভাৰ পৰিচয় দিবলৈ সক্ষম হৈছিল লুইচিয়ে।

লুইচিয়ে মৃত্যুৰ সময়ত পিতৃ-মাতৃৰ লগতে একমাত্ৰ ভাতৃ আৰু ইষ্ট-কুটুম্বক এৰি যায়।

লগতে চাওকঃ

মৰ্মান্তিক! চালকে হঠাৎ ব্ৰেক মৰাৰ ফলত স্কুল বাছৰ পৰা চিটিকি পৰি মৃত্যু এগৰাকী ৭ বছৰীয়া ছাত্ৰীৰ