শােকাৱহ পথ দুৰ্ঘটনাত আৰক্ষী জােৱান কৃষ্ণ মহন্তৰ মৃত্যু

নিউজ ডেস্ক। এক পথ দুৰ্ঘটনাত মূৰত গুৰুতৰ আঘাত পাই এপষেক ধৰি চিকিৎসাধীন অৱস্থাত থকা অসম আৰক্ষীৰ জােৱান কৃষ্ণ মহন্তই অৱশেষত মৃত্যুৰ ওচৰত হাৰ মানিলে।

অতি অমায়িক, শান্ত-নির্জু স্বভাৱৰ কৃষ্ণ মহন্তৰ মৃত্যুৰ সময়ত বয়স আছিল ৩৭ বছৰ।

ইহ সংসাৰত এৰি থৈ গ’ল পিতৃ-মাতৃকে ধৰি ৫ মাহৰ অন্তঃসত্বা পত্নীক।

5

অসম আৰক্ষীৰ কনিষ্টবল কৃষ্ণ মহন্ত মহানগৰীৰ নুনমাটি আৰক্ষী থানাত কৰ্মৰত আছিল।

উল্লেখ্য যে নিজৰ যােৱা ২৩ জানুৱাৰীৰ নিশা প্ৰায় ৯ মান বজাত মহানগৰীৰ নিউ গুৱাহাটীৰ হনুমান মন্দিৰৰ সমীপত সংঘটিত এটা পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আঘাতপ্রাপ্ত হৈছিল জােৱানজন।

নিজৰ কৰ্ম সম্পাদন কৰি ৰেপিড’ সেৱাৰ বাইক ভাড়া কৰি শুৱালকুছিস্থিত নিজ ঘৰলৈ গৈ থকা সময়তে বিপৰীত দিশৰ পৰা অহা মাৰুতি বালেনো বাহনৰ সৈতে সংঘৰ্ষ হয়।

9

পিচত নুনমাটি আৰক্ষীয়ে কৃষ্ণ মহন্ত আৰু বাইকৰ চালকজনক উদ্ধাৰ কৰি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰে। দুর্ঘটনা সংঘটিত কৰা বাহনখনাে জব্দ কৰে আৰক্ষীয়ে।

যোৱা প্ৰায় দুসপ্তাহ ধৰি জি এম চি এইচত চিকিৎসাধীন কৃষ্ণৰ মগজুৰ প্ৰচুৰ ৰক্তক্ষৰণ হোৱা বাবে কালি ছয়মাইলস্থিত ৰহমান হাস্পতালত ভর্তি কৰোৱা হয় যদিও দেওবাৰে দিনৰ প্ৰায় ২.৩০ বজাত চিকিৎসাধীন অৱস্থাত তেওঁৰ মৃত্যু হয়।

জােৱানজনৰ অকাল মৃত্যুৰ খবৰে শুৱালকুছিৰ লগতে নুনমাটিতাে শােকৰ ছাঁ পেলাইছে।

লগতে চাওকঃ

মৰ্মান্তিক! দুৰ্ঘটনাত পুত্ৰৰ মৃত্যুৰ খবৰ লাভ কৰি মাতৃৰাে প্ৰাণ ত্যাগ

G8

Leave a Comment