শােকাৱহ! বিদ্যালয়ৰ পৰা ঘৰলৈ ওভতাৰ পথত নাও দুৰ্ঘটনাত প্ৰাণ গ’ল কণমানি নিছাতৰ

নিউজ ডেস্ক। মৰিগাঁও জিলাৰ মায়াং থানাৰ অন্তৰ্গত কাউৰহাগী আৰু কলবাৰী গাঁৱৰ মাজৰ পকৰীয়া নৈত বৃহস্পতিবাৰে দুপৰীয়াৰ ভাগত এক শোকাৱহ নাও দুৰ্ঘটনা সংঘটিত হয়।

এখন টুলুঙা নাৱেৰে স্কুলৰ পৰা ঘৰলৈ উভতি অহাৰ পথতে সংঘটিত হয় এই নাও দুৰ্ঘটনাটো।

দুৰ্ঘটনা সংঘটিত হোৱা নাওখনত প্ৰধান শিক্ষকৰ লগতে দহগৰাকীতকৈও অধিক ছাত্ৰ-ছাত্ৰী আছিল বুলি জানিব পৰা গৈছে।

এই দুৰ্ঘটনাটোৰ ফলত এগৰাকী ছাত্ৰীৰ সলিল সমাধি ঘটে।

ছাত্ৰীগৰাকীৰ নাম নিছাত বেগম।

জানিব পৰামতে, কাউৰহাগী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক হবিবুৰ ৰমানৰ কন্যা আছিল মৃত ছাত্ৰী গৰাকীৰ।

কলবাৰী গাঁৱৰ বাসিন্দা হবিবুৰ ৰহমানে অইন দিনাৰ দৰে বৃহস্পতিবাৰেও নাৱেৰে বিদ্যালয়ৰ পৰা ঘৰলৈ উভতি আহি থকাৰ সময়তে এজাক প্ৰচণ্ড বতাহ-বৰষুণ অহাৰ ফলতে নৈ খনত নাওখন ডুব যায় ফলত সংঘটিত হয় এই অঘটনটো।

জানিব পৰামতে, নিছাত বেগমৰ সলিল সমাধি ঘটনাৰ বিপৰীতে আন প্ৰায় দহগৰাকী ছাত্ৰ-ছাত্ৰীৰ কথমপি প্ৰাণ ৰক্ষা পৰে।

Leave a Comment