শোকাবহ! আত্মীয়ৰ ঘৰলৈ গৈ থকা সময়তে অচিনাক্ত বাহনে মহতিয়াই থৈ গ’ল কৃতি শিক্ষকক, ৰাজপথত বহু সময় ধৰি চটবটাই হাস্পতালত সাৱটিলে মৃত্যুক

নিউজ ডেস্কঃ গোৰেশ্বৰৰ এগৰাকী কৃতি শিক্ষকৰ শুকুৰবাৰে পথ দুৰ্ঘটনাত মৃত্যু ঘটাৰ খবৰে শোকৰ বন্যা নমাইছে সমগ্ৰ অঞ্চলটোত।

গুৱাহাটীত থকা আত্মীয়ৰ ঘৰৰ সকামলৈ মটৰ চাইকেল চলাই গৈ থকা সময়তে আমিনগাঁৱৰ জয়গুৰুত দুৰ্ঘটনাত পতিত হৈ প্ৰাণ হেৰুৱায় শিক্ষক ভূপেন কুমাৰে।

জানিব পৰা মতে, গোৰেশ্বৰ ছোৱালী হাইস্কুলৰ সহকাৰী শিক্ষক তথা গোৰেশ্বৰৰ সৰুফুলচকী গাঁৱৰ নিৱাসী ভূপেন কুমাৰ (৫৭)-এ বৃহস্পতিবাৰে পুৱা গুৱাহাটীৰ আত্মীয়ৰ ঘৰৰ সকামলৈ গৈ আছিল।

শিক্ষকগৰাকীয়ে বাইকেৰে গৈ থকা সময়তে আমিনগাঁৱৰ জয়গুৰুত তেওঁৰ এএছ ২৫কে ৮৫১৬ নম্বৰৰ বাইকত এখন অচিনাক্ত বাহনে খুন্দা মৰাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ পথৰ ওপৰতে বহু সময় পৰি ৰয় ভূপেন কুমাৰ।

ইফালে বহু সময়ৰ পিছত কোনো ব্যক্তিয়ে ভূপেন্দ্ৰ কুমাৰক কাষতে থকা ছুপাৰ স্পেচিয়েলিটি হাস্পতালত ভৰ্তি কৰাৰ লগতে আৰক্ষীক খবৰ দিয়ে।

পৰৱৰ্তী সময়ত কুমাৰক আৰক্ষীয়ে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰায় যদিও দুপৰীয়াৰ ভাগত চিকিৎসাধীন অৱস্থাতে শেষ নিশ্বাস ত্যাগ কৰে শিক্ষকগৰাকীয়ে।

নাওকাটা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰী অধ্যক্ষ প্ৰয়াত নগেন কুমাৰৰ জ্যেষ্ঠ পুত্ৰ ভূপেন কুমাৰে ১৯৯১ চনত শিক্ষকতাৰ জীৱন আৰম্ভ কৰিছিল।

গোৰেশ্বৰ অঞ্চলৰ বিভিন্ন সামাজিক-সাংস্কৃতিক অনুষ্ঠানৰ সৈতে জড়িত হৈ থকা কৃতি শিক্ষকগৰাকীৰ মৃত্যুৱে শোকৰ ছাঁ পেলাইছে সমগ্ৰ অঞ্চলটোত।