শোকাবহ! দুৰ্ঘটনাৰ পিছত আধাঘণ্টা ধৰি গাড়ীৰ ভিতৰত আৱদ্ধ হৈ থাকিল এগৰাকী মহিলা চিকিৎসক, মৃত্যু

নিউজ ডেস্কঃ এক ভয়ংকৰ দুৰ্ঘটনাত এগৰাকী মহিলা চিকিৎসকৰ মৃত্যুৱে শোকৰ ছাঁ পেলাইছে নগাঁও জিলাত। শুকুৰবাৰে নগাঁও জিলাৰ কাৱৈমাৰীত এখন বাছ আৰু এখন আই১০ বাহনৰ মাজত সংঘটিত সংঘৰ্ষত গুৰুতৰভাৱে আহত হৈ চিকিৎসাধীন অৱস্থাত মৃত্যু ঘটে চিকিৎসক ডা০ ৰিজুৱানা বেনজি (৩১)ৰ।

জানিব পৰা মতে, কাৱৈমাৰী চিকিৎসালয়ৰ চিকিৎসক ডা০ ৰিজুৱানা বেনজিয়ে এএছ ০৬ এই ৫০০৬ নম্বৰৰ আই১০ বাহনখনেৰে গৈ থকা সময়তে বিপৰীত দিশৰ পৰা অহা এএছ ০১ এইছচি ১৪৫০ নম্বৰৰ এখন বাছে তেওঁক প্ৰচণ্ড জোৰে খুন্দা মাৰে।

বাছৰ খুন্দাত সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ পৰা আই১০ বাহনখনৰ ভিতৰত আহত অৱস্থাত আধা ঘণ্টাৰো অধিক সময়ত আৱদ্ধ হৈ থাকে মহিলা চিকিৎসকগৰাকী। পিছত স্থানীয় লোক আৰু আৰক্ষীয়ে মহিলাগৰাকীক উদ্ধাৰ কৰি এখন ব্যক্তিগত হাস্পতালত ভৰ্তি কৰায় যদিও চিকিৎসাধীন অৱস্থাতে মৃত্যু ঘটে চিকিৎসক ডা০ ৰিজুৱান বেনজিৰ।

জানিব পৰা মতে, নিহত চিকিৎসকগৰাকীৰ ঘৰ নগাঁও চহৰৰ শইকীয়া মছজিদৰ সমীপত।

ইফালে আৰক্ষী জোৱান কঢ়িয়াই অনা বাছখনে ভুল দিশেৰে আহি থকাৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হয় বুলি মন্তব্য কৰিছে প্ৰত্যক্ষ দৰ্শীয়ে। দুৰ্ঘটনাত মহিলা চিকিৎসকগৰাকীৰ মৃত্যুত সমগ্ৰ নগাঁওত শোকৰ ছাঁ পৰিছে।