শোকাবহ! নিয়ন্ত্ৰণ হেৰুৱাই ঘাইপথৰ পৰা উফৰি পৰিল টাটা নেক্স’ন, মৃত্যু অসম বিশ্ববিদ্যালয়ৰ ছাত্ৰ অভিষেকৰ

নিউজ ডেস্কঃ এক শোকাবহ দুৰ্ঘটনাই প্ৰাণ কাঢ়ি লৈ গ’ল অসম বিশ্ববিদ্যালয়ৰ এগৰাকী আইনৰ ছাত্ৰৰ।

শনিবাৰে শিলচৰ চহৰৰ পাৰ্শ্বৱৰ্তী ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত মৃত্যু ঘটে ২৪ বৰ্ষীয় আইনৰ ছাত্ৰ অভিষেক দেৱৰ।

জানিব পৰা মতে, ছাত্ৰজনে শনিবাৰে সন্ধিয়া শিলচৰৰ পৰা ডলু অভিমুখে গৈ থকা সময়ত নিয়ন্ত্ৰণ হেৰুৱাই এএছ ১১আৰ ৮৬১৮ নম্বৰৰ তেওঁৰ টাটা নেক্সন বাহনখন ঘাইপথৰ পৰা ৩০ মিটাৰ দূৰৈত ছিটিকি পৰে।

ঘাইপথৰ পৰা বাগৰি লুটিখাই পৰা বাহনখনত সেই সময়ত অকলেই যাত্ৰা কৰিছিল নেশ্যনেল হাইৱে ৰোডৰ চি আৰ এভিনিউৰ বাসিন্দা অভিষেকে।

দুৰ্ঘটনাৰ পিছতে ঘটনাস্থলীত স্থানীয় লোক উপস্থিত হৈ ততাতৈয়াকৈ সংকটজনক অৱস্থাত ছাত্ৰজনক শিলচৰ মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰে যদিও চিকিৎসকে মৃত ঘোষণা কৰে অভিষেকক।

অসম বিশ্ববিদ্যালয়ৰ আইন বিভাগৰ ছাত্ৰ অভিষেক দেৱৰ এই মৃত্যুৱে শোকস্তব্ধ কৰি তুলিছে পৰিয়ালৰ লগতে সমগ্ৰ অঞ্চলবাসীক।

লগতে চাওকঃ

আকাশমাৰ্গত পেৰাচ্যুটৰ বিজুতি, বিমান পৰা জাঁপ দিয়া সেনা বাহিনীৰ কমাণ্ডােৰ শােকাৱহ মৃত্যু