শোকাবহ! বিদ্যালয়ৰ ক্ৰীড়া অনুষ্ঠানৰ মাজতে আকস্মিকভাৱে ঢলি পৰি মৃত্যু দশম শ্ৰেণীৰ ছাত্ৰ দক্ষৰ…

নিউজ ডেস্কঃ বিদ্যালয়ত অনুষ্ঠিত ক্ৰীড়া অনুষ্ঠানত ভাগ লোৱাৰ সময়তে আকস্মিকভাৱে ঢলি পৰি এগৰাকী দশম শ্ৰেণীৰ ছাত্ৰৰ মৃত্যু ঘটাক লৈ শোকৰ ছাঁ পৰিছে হাৰিয়ানাৰ পানীপটত।

জানিব পৰা মতে, পানীপটৰ আছান্ধ ৰোডস্থিত ছেইণ্ট মেৰী কনভেণ্ট স্কুলত সংঘটিত হয় এই শোকাবহ ঘটনা।

বিদ্যালয়খনে পালন কৰা ক্ৰীড়া দিৱসৰ অনুষ্ঠানৰ দৌৰত অংশ লোৱাৰ সময়তে হঠাৎ সংজ্ঞাহীন হৈ ঢলি পৰে দশম শ্ৰেণীৰ ছাত্ৰ দক্ষ।

নাকেৰে ৰক্তক্ষৰণ ঘটা ছাত্ৰজনক লগে লগে এখন ব্যক্তিগত হাস্পতাললৈ লৈ যোৱা হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে।

উল্লখ্য যে, পানীপটৰ চিংক গাঁৱৰ নিৱাসী ১৩ বছৰীয়া দক্ষ আছিল পিতৃ-মাতৃৰ একমাত্ৰ সন্তান। ছাত্ৰজনৰ মৃত্যুৰ বাতৰি লাভ কৰি শোকত ভাগি পৰিছে পিতৃ-মাতৃ।

আৰক্ষীয়ে ছাত্ৰজনৰ মৃত্যুৰ কাৰণ সন্দৰ্ভত তদন্ত আৰম্ভ কৰাৰ লগতে মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে।

এই ঘটনাই সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পেলাইছে।