শোকাবহ! বিদ্যালয়ৰ পৰা ওভতাৰ পথতে তীব্ৰবেগী বাহনৰ খুন্দা কণমানি বৰণ্যাক, সংকটজনক অৱস্থাত চিকিৎসাধীন

নিউজ ডেস্কঃ মঙলবাৰে নগাঁও জিলাৰ পুৰণিগুদামত সংঘটিত এই ভয়ংকৰ দুৰ্ঘটনাই শোকৰ ছাঁ পেলাইছে সমগ্ৰ অঞ্চলটোত।

বিদ্যালয়ৰ পৰা ঘৰলৈ ওভতাৰ সময়ত মিকিৰভেটা আলিছিগাত পথ পাৰ হ’বলৈ লওতেই দ্ৰুতবেগী বাহনৰ খুন্দাত গুৰুতৰভাৱে আহত হয় এগৰাকী ১০ বছৰীয়া ছাত্ৰী।

বৰ্তমান গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ থকা শিশুটিৰ নাম বৰণ্যা দাস (১০) বুলি জানিব পৰা গৈছে।

ইফালে এএছ ১২এইচ ১৫৬৪ নম্বৰৰ বাহনখনে দুৰ্ঘটনা সংঘটিত কৰিয়েই ঘটনাস্থলীৰ পৰা পলায়ন কৰে।

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে।