শোকাবহ! বিদ্যালয়লৈ যোৱাৰ পথত যাত্ৰীবাহী বাছে নিলে মহতিয়াই, শিক্ষয়িত্ৰীৰ মৃত্যু

নিউজ ডেস্কঃ মঙলবাৰে পুৱা বিদ্যালয়লৈ গৈ থকাৰ সময়তে এক ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱাবলাগীয়া হয় এগৰাকী শিক্ষয়িত্ৰীয়ে।

এই শোকাবহ দুৰ্ঘটনা সংঘটিত হয় হাৰিয়ানাৰ ফতেহাবাদ জিলাৰ হুডা ছেক্টৰ ৩ৰ সন্মুখৰ ৰাষ্ট্ৰীয় ঘাইপথত।

জানিব পৰা মতে, ভাদোৱালীৰ এখন চৰকাৰী বিদ্যালয়ৰ শিক্ষয়িত্ৰী অনুপমা (৫১)ই অইন দিনৰ দৰে মঙলবাৰে পুৱাও স্কুটী চলাই বিদ্যালয় অভিমুখে গৈ আছিল।

সেই সময়তে বিপৰীত দিশৰ পৰা অহা এখন চৰকাৰী যাত্ৰীবাহী বাছে প্ৰচণ্ড জোৰে খুন্দা মাৰে শিক্ষয়িত্ৰীগৰাকীক।

এই দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হোৱা মহিলাগৰাকীক ততাতৈয়াকৈ স্থানীয় লোকে হাস্পতাললৈ লৈ যায় যদিও চিকিৎসকে মৃত ঘোষণা কৰে। জানিব পৰা মতে, দুৰ্ঘটনাত নিহত অনুপমা স্থানীয় এল আই চি শাখা প্ৰবন্ধক সঞ্জীৱ গুপ্তাৰ পত্নী আছিল।

ইফালে এই দুৰ্ঘটনা সংঘটিত কৰিয়েই পলায়ন কৰে বাছ চালকজনে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি বাছ চালক জনক বিচাৰি অভিযান অব্যাহত ৰাখিছে।

দুৰ্ঘটনাটোৱে সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পেলাইছে।

লগতে চাওকঃ

শোকাবহ! সময়মতে সুদৰ ধন ওভতাই দিব নোৱাৰাৰ বাবেই আতিশায্য কাবুলিৱালাৰ, অৱশেষত চৰম সিদ্ধান্ত ল’বলৈ বাধ্য হ’ল ডাক বিভাগৰ কৰ্মচাৰীয়ে…