শোকাবহ! মেলাৰ পৰা উভতি অহাৰ সময়ত টেংকাৰ আৰু চাৰিচকীয়া বাহনৰ মুখামুখি সংঘৰ্ষ, মহিলাসহ ৬ জনৰ মৃত্যু

নিউজ ডেস্কঃ মেলাৰ পৰা উভতি অহাৰ সময়ত ৰাজপথত বাইক আৰোহীক বচাবলৈ গৈ বিপৰীত দিশৰ পৰা অহা টেংকাৰত প্ৰচণ্ড খুন্দা চাৰিচকীয়া বাহনৰ। এই দুৰ্ঘটনাত এগৰাকী মহিলা আৰু এগৰাকী কিশোৰীসহ মৃত্যু ঘটে ৬ জনকৈ লোকৰ।

এই শোকাবহ দুৰ্ঘটনা সংঘটিত হৈছে ৰাজস্থানৰ চিৰোহী জিলাত। এই দুৰ্ঘটনা ইমানেই ভয়াবহ আছিল যে টেংকাৰখনে আই কাৰ বাহনখনক বহু দূৰলৈকে চোঁচৰাই লৈ যায়।

দুৰ্ঘটনাৰ পিছত আৰক্ষী আৰু স্থানীয় লোকে বাহনখনৰ পৰা ৪ জনৰ মৃতদেহ উদ্ধাৰ কৰে। আনহাতে আন দুজনক জীৱন্তে উদ্ধাৰ কৰি হাস্পতাললৈ প্ৰেৰণ কৰা হয় যদিও সেই দুজনকো মৃত ঘোষণা কৰে চিকিৎসকে।

জানিব পৰা মতে, দুৰ্ঘটনাত নিহত লোকসকলে বুধবাৰে চিৰোহীৰ স্বৰ্ণেশ্বৰ মেলা দৰ্শন কৰি বৰোদা (গুজৰাট)লৈ গৈ থকা সময়তে সন্ধিয়া প্ৰায় ৬.৪৫ বজাত ফ’ৰলেন ঘাইপথৰ ৰিকো থানা এলেকাৰ মাভাল কাটৰ সমীপত দুৰ্ঘটনা সংঘটিত হয়।

দুৰ্ঘটনাত নিহত সকলৰ ঘৰ ৰাজস্থানৰ পালি জিলাত বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে জানিবলৈ দিয়া মতে, চাৰিচকীয়া বাহনখনৰ সন্মুখত হঠাৎ এখন বাইক উপস্থিত হোৱাত বাইক আৰোহীক বচাবলৈ যাওতেই টেংকাৰ খনৰ সৈতে মুখামুখি সংঘৰ্ষ ঘটে।

এই দুৰ্ঘটনাত মুখ্যমন্ত্ৰী অশোক গেহলটে গভীৰ শোক ব্যক্ত কৰি নিহত সকলৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে।