শোণিতপুৰৰ ১০০০ বিঘা বেদখলকৃত ভূমিত চলিল প্ৰশাসনৰ উচ্ছেদ অভিযান…

নিউজ ডেস্কঃ শনিবাৰে পুৱাৰে পৰা বৃহৎ উচ্ছেদ অভিযান চলিল শোণিতপুৰ জিলাৰ বৰচলা বিধানসভা সমষ্টিৰ অন্তৰ্গত চিতলমাৰীৰ ১০০০ বিঘা অবৈধভাৱে বেদখলকৃত ভূমিত।

২৯৯টা পৰিয়ালে অবৈধভাৱে দখল কৰি বাস কৰি অহা এই বৃহৎ ভূমিখণ্ডত পুৱা ৫ বজাৰে পৰা উচ্ছেদ অভিযান আৰম্ভ কৰে জিলা প্ৰশাসনে।

জানিব পৰা মতে, অঞ্চলটোত উচ্ছেদ চলোৱাৰ বিষয়ে জাননী লাভ কৰাৰ পিছতে তাত বাস কৰি থকা ৯০ শতাংশ লোকে নিজৰ বয়-বস্তু লৈ সেই স্থান ত্যাগ কৰাত কোনো ধৰণৰ অসুবিধা নোহোৱাকৈয়ে উচ্ছেদ অভিযান সম্পন্ন হয়।

জিলা প্ৰশাসনৰ এক সূত্ৰই সদৰী কৰা মতে, উচ্ছেদৰ সময়ত সংঘটিত হ’ব পৰা যিকোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য কৰি পূৰ্বৰে পৰাই অঞ্চলটোত এহাজাৰ আৰক্ষী আৰু অৰ্ধ সামৰিক বাহিনীৰ জোৱান মোতায়েন কৰি ৰখা হৈছিল।

৩১ আগষ্টৰ পৰাই অঞ্চলটোত আৰক্ষী-অৰ্ধ সামৰিকৰ বিশাল বাহিনীয়ে অঞ্চলটোত অৱস্থান কৰাৰ পিছত শনিবাৰে পুৱা কেইবাখনো বুলড’জাৰেৰে উচ্ছেদ চলায় জিলা প্ৰশাসনে।

উল্লেখ্য যে, বিজেপি চৰকাৰ অহাৰ পিছতে বৰচলা সমষ্টিৰ বিধায়ক গণেশ লিম্বুয়ে বেদখলকৃত চিতলমাৰীৰ ১০০০ বিঘা ভূমি উচ্ছেদ কৰিবলৈ চৰকাৰৰ ওচৰত আবেদন জনাছিল। উচ্ছেদিত ভূমিত পৰৱৰ্তী সময়ত চৰকাৰে বৃহৎ প্ৰকল্প গঢ়ি তোলাৰ সম্ভাৱনা ব্যক্ত কৰে জিলা প্ৰশাসনৰ এগৰাকী বিষয়াই।